Fearless Press

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল

গুৱাহাটী,২৭ নৱেম্বৰঃ ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ। গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ। আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্যে এইক্ষেত্রত প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বি চি চি আইৰ প্ৰতিনিধি দলে ষ্টেডিয়াম পৰ্যবেক্ষণ কৰাৰ পাছত সকলো নিশ্চিত হ’ব। জানিব পৰা মতে ২০২৩ বৰ্ষৰ জানুৱাৰি মাহৰ দ্বিতীয় সপ্তাহত ১২ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া মেচ। উল্লেখ্য যে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই জানুৱাৰি মাহত এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। এই মেচখন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও জানুৱাৰি মাহৰ প্ৰথম সপ্তাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ এটা প্ৰতিনিধি দল গুৱাহাটীলৈ আহি ষ্টেডিয়ামখন পৰ্যবেক্ষণ কৰিব। ইফালে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা মেচখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। উল্লেখ্য যে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত চলিত বছৰৰ ২ অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ।

 

Exit mobile version