Fearless Press

নামঘৰ সমাৰোহ উপলক্ষে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৰাইজলৈ আহ্বান

উত্তৰ গুৱাহাটী, ২৯ নবেম্বৰঃউত্তৰ গুৱাহাটীত প্ৰথমবাৰলৈ হ’বলৈ গৈ থকা অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নামঘৰ সমাৰোহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰী ড০ পীতাম্বৰ দেৱ গোস্বামীৰ মাৰ্গদৰ্শনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই বিশাল নামঘৰ সমাৰোহ। অহা ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ উত্তৰ গুৱাহাটীস্হিত শ্ৰী শ্ৰী আউনীআটীয় সত্ৰত এই সমাৰোহখন অনুষ্ঠিত হ’ব।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ অমৃত কথাৰে বুৰ যাব আউনীআটী সত্ৰৰ প্ৰাংগন। তাৰেই পৰিপ্ৰেক্ষিতত নামঘৰ সমাৰোহৰ লগত সংগতি ৰাখি অহা ২ ডিচেম্বৰত দিনৰ ১১ বজাত সমগ্ৰ অসমতে নামঘৰ সমূহত প্ৰসংগ কৰিবলৈ সত্ৰাধিকাৰ গোস্বামীয়ে অসমৰ প্ৰতিটো নামঘৰলৈ সংবাদ মাধ্যম যোগে এটি বাৰ্তা প্ৰেৰণ কৰে । সেই বাৰ্তাত উল্লেখ থকা ধৰণে সৰু ভিডিঅ’ অথবা স্থিৰ চিত্ৰসমূহ সত্ৰাধিকাৰ প্ৰভুৰ অনুমোদন ক্ৰমে উল্লেখিত ব্যক্তিৰ হোৱাটচ্আপ নম্বৰত প্ৰেৰণ কৰিবলৈ নামঘৰ সমাৰোহ উদযাপন সমিতিৰ তৰফৰ অনুৰোধ জনাইছে অসমৰ প্ৰতিটো নামঘৰলৈ ।

Exit mobile version