ৰঙিয়া,৩০ নৱেম্বৰঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প আৰু কৃষি গৱেষণা কেন্দ্ৰৰ সহযোগত ৰঙিয়া জামটোলাত প্ৰায় এশ বিঘা ভুমিত কৰা হৈছিল ধানৰ খেতি। উক্ত অঞ্চলৰে দুজন উদীয়মান যুৱ খেতিয়কৰ তত্বাবধানত উন্নতমানৰ ধানৰ বীজেৰে কৰা খেতিত আজি ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ধানৰ বীজ চপোৱা কামৰ শুভ উদ্ধোধন কৰে। কৃষিক যান্ত্ৰিকীকৰণ কৰাৰ বাবে কৃষি বিভাগৰ তৰফৰ পৰা ৯০ শতাংশ ৰেহাই মুল্যত ধান চপোৱা মেচিন জামটোলা অঞ্চলৰ কৃষক প্ৰদান কৰে কৃষি বিভাগে । আধুনিক পদ্ধতিৰে ধান কটা মেচিনত বহি সমুহিয়াকৈ ধান কটা কামৰ শুভ উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কৃষক সকলক উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। অসমৰ খেতিয়ক সকলে পাঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে খেতি কৰিব লাগিলে কৃষক সকলৰ সজাগতা লাগিব আৰু কৃষকসকলে সম্পূৰ্ণৰূপে খেতিপথাৰত মনোনিবেশ কৰিব লাগিব বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে । বিধায়ক কলিতাই আৰু কয় যে বৰ্তমান সময়ত অবশ্যে অসমত কৃষিৰ ক্ষেত্ৰত এটা পৰিবৰ্তন আহিছে। অসমত উৎপাদিত ৰঙালাও আদিকে কৰি বিভিন্ন উৎপাদিত বস্তু অসমৰ বাহিৰলৈ যোৱা আৰম্ভ কৰিছে । ইফালে আজিৰ এই খেতিপথাৰত মেচিনৰে ধান চপোৱা কাৰ্য্যৰ শুভ উদ্বোধনী অনুষ্ঠানত কৃষি বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকি কৃষকসকলক উৎসাহিত কৰে ।
অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত ধান খেতি
