নিউজ ডেক্সঃকংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক কেতিয়াবা তুলনা কৰে ৰাৱণৰ লগত আৰু কেতিয়াবা কয় মৌত কা সদাগৰ।কিন্তু যেতিয়াই মোডীক বেয়াকৈ কয় তেতিয়াই কংগ্ৰেছ পৰাজিত হয় গুজৰাটত। হয়, এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কলোলত এখন ৰাজহুৱা সভাত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যৰ ওপৰত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তাৰপিছতে অমিত শ্বাহে খাৰ্গেৰ মন্তব্যক সমালোচনা কৰি কংগ্ৰেছক কটাক্ষ কৰি মন্তব্য প্ৰদান কৰে।আজিলপ্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাও ৰাজনৈতিক নেতাসকলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গুজৰাটৰ ৰাজপথত ভৰি দিছে । এফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলোলত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ সময়ত অমিত শ্বাহেও গুজৰাটৰ সানন্দ আৰু আহমেদাবাদত ৰোড শ্ব’ত ভাগ লয়।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মোডী সম্পৰ্কে খৰ্গেৰ ‘ৰাৱণ’ মন্তব্যক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । শ্বাহে কয়, “ইতিহাসত কয় যে কংগ্ৰেছে যেতিয়াই কথোপকথন শব্দ ব্যৱহাৰ কৰে, গুজৰাটৰ ৰাইজে ভোটবাকচত তেওঁলোকৰ উত্তৰ দিয়ে। ইয়াৰ পূৰ্বে, ২০০৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘মৌত কা সৌদাগৰ’ বুলি অভিহিত কৰিছিল। সেই সময়তো, গুজৰাট নিৰ্বাচনত বিজেপিয়ে বিপুল বিজয় লাভ কৰিছিল।উল্লেখ্য যে, মঙলবাৰে আহমেদাবাদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নৱনিৰ্বাচিত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰধানমন্ত্ৰীক “ৰাৱণ” বুলি অভিহিত কৰে। এতিয়া কংগ্ৰেছ সভাপতিৰ সেই ভিডিঅ’টো পোহৰলৈ আনি দেশৰ প্ৰধানমন্ত্ৰীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে।
প্ৰধানমন্ত্ৰী মোডীক ৰাৱণৰ লগত তুলনা
