গুৱাহাটী,৩ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি জনতা ভৱনত অসম আন্দোলন কল্যাণ ন্যাসৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ন্যাসৰ ভৱিষ্যত কর্মসূচীৰ লগতে ন্যাসটো অধিক শক্তিশালী কৰা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে এই ন্যাস পুঁজিলৈ আৰু পাঁচ কোটি টকা আগবঢ়াব বুলি সদৰি কৰে। উল্লেখ্য যে অসম আন্দোলন কল্যাণ ন্যাসৰ পুঁজি পূৰ্বতে পাঁচ কোটি টকাৰে গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে আগবঢ়োৱা ধনৰাশি সহিতে মুঠ দহ কোটি টকাৰ পুঁজিৰে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল তথা আন্দোলনত আতিশয্যৰ সন্মুখীন হোৱা পৰিয়ালসমূহলৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ধন আগবঢ়োৱা হ’ব। আনহাতে আজিৰ এই বৈঠকত অসম আন্দোলনৰ শ্বহীদ তথা এই আন্দোলনত গুলীত আঘাতপ্রাপ্ত আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত আদি ব্যক্তিৰ তথ্যসমূহ অনলাইন ব্যৱস্থাৰে একত্ৰিতভাৱে ৰখাৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে অসম চুক্তি ৰূপায়ণ বিভাগক নির্দেশ দিয়ে। বৈঠকত অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, শ্বহীদ আৰু নির্যাতিত পৰিয়ালসমূহৰ তৰফৰ পৰা চন্দ্ৰকান্ত তালুকদাৰ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চুক্তি ৰূপায়ণ বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেছাৰ উপস্থিত আছিল।
