Fearless Press

কাইলৈ অসমলৈ আহিব আৰ এছ এছ প্রধান মোহন ভাগৱত

গুৱাহাটী,৯ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰধান ডাঃ মোহন ভাগৱত দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমলৈ আহিব। ১০ ডিচেম্বৰত অসমত উপস্থিত হ’ব আৰ এছ এছৰ শীর্ষতম নেতাগৰাকী। ১০ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ১১ ডিচেম্বৰত তেওঁ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ’বলগীয়া সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বিশেষ সন্মিলনত অংশ গ্ৰহণ কৰিব। এই কথা সদৰী কৰিছে আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে। উল্লেখ যে সংঘৰ হাজংবৰীস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শনিবাৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া ‘প্ৰেৰণা শিবিৰ’ শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ’ব। আৰ এছ এছৰ শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকতাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতি-বিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশালন হ’ব। প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অর্থাৎ ১১ ডিচেম্বৰত ডাঃ ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হ’ব। এই শিবিৰত সংঘৰ শাখা স্তৰৰ পৰা প্ৰায় ৩০০০ কার্যকর্তাই শিক্ষার্থী হিচাপে উপস্থিত থাকিব। ১০ ডিচেম্বৰত শিবিৰ স্থানত উপস্থিত হৈ আৰ এছ এছৰ শীৰ্ষ নেতাগৰাকীয়ে ১১ ডিচেম্বৰৰ আবেলি অৰুণাচল প্রদেশলৈ যাব।

Exit mobile version