বঙাইগাঁও,১০ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা পশ্চিমপাৰাৰ পৰা সৰভোগ আৰু কোকিলাৰ আৰক্ষীয়ে অভিযান চলাই মাটিৰ তলৰ পৰা পুতি থোৱা অৱস্থাত ৪৫ টা বেটাৰী উদ্বাৰ কৰিবলৈ সক্ষম হয়। সৰভোগৰ কিছমত দ্বাৰিকাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১২-১৪ জনীয়া ডকাইতিৰ দলে WB-19K-1995 নম্বৰৰ ট্ৰাকৰ পৰা ৪৮৫ টা বেটাৰী লৈ যায়। আৰক্ষীয়ে ১২জন ডকাইতৰ দলটোক কৰায়ত্ব কৰাৰ লগতে মুঠ ২৬২ টা বেটাৰী উদ্বাৰ কৰে। আৰক্ষীয়ে কেইবাজনো ডকাইতক লগতলৈ আনি উক্ত ঠাইৰ পৰা ৪৫ টা বেটাৰী উদ্ধাৰ কৰে।
বঙাইগাঁৱত চুৰি বেটাৰীসহ ডকাইত গ্ৰেপ্তাৰ
