Fearless Press

আই আই টি গুৱাহাটীত অধ্যাপকৰ আত্মহত্যা

গুৱাহাটী,১০ ডিচেম্বৰঃ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত পুনৰ সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা। এইবাৰ আত্মহত্যা কৰিলে এগৰাকী অধ্যাপকে। জানিব পৰা মতে আত্মহত্যা কৰা অধ্যাপকগৰাকীৰ নাম ডঃ সমীৰ কামাল (৪৭) আৰু তেওঁ গণিত বিভাগৰ অধ্যাপক। অধ্যাপকগৰাকীৰ ঘৰ নতুন দিল্লীত। প্ৰতিষ্ঠানটোৰ অধ্যাপক আৱাসৰ কোঠা নং D-022 ৰ পৰা চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপকগৰাকীক। ঘটনাস্থলীত দাণ্ডাধীশৰ লগতে উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱৰ আৰক্ষী বিষয়াৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে অধ্যাপকগৰাকীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবৰ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত শোকৰ ছাঁ পৰিছে। উল্লেখ যে আই আই টি গুৱাহাটীত ইতিমধ্যে আত্মহত্যাৰ বহুকেইটা ঘটনা সংঘটিত হৈছে।

 

Exit mobile version