বৰপেটা,১১ ডিচেম্বৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবালাত অৱস্থিত বৰবালা, বালাৰভিঠা,জাৰাবাৰী আৰু কদমগুৰী গাঁৱৰ সমূহীয়া আঞ্চলিক কৱৰস্থানৰ সাহায্যাৰ্থে ষষ্ঠ বাৰ্ষিক ধৰ্ম সভা কালি দিনজোৰা কাৰ্যক্ৰমণিকাৰ অন্তত সফল সমাপ্তি হয় । পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৬:৩০ বজাত কৱৰ জিয়াৰৎ আৰু দোৱায়ে মাগফিৰাত আৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ মৌঃ আব্দুল হামিদে আৰু সমূহীয়া আকিকাৰ শুভাৰম্ভ কৰে মৌলানা শ্বৰিফুল ইছলামে । পুৱা ৭:৩০ বজাত কৱৰস্থান ছাফাই অভিযান আৰম্ভ হয় । ৰাতিপুৱা ৯ বজাত হাফিজ হাবিব আনছাৰীৰ পৰিচালনাত খতমে কোৰআন অনুষ্ঠিত হয় । দিনৰ ১১ বজাত হাফিজ ছাইদুল খানৰ পৰিচালনাত কোৰআন পাঠ প্ৰতিযোগিতা আৰম্ভ হয় । বিচাৰকমণ্ডলী হিচাপে থাকে হাফিজ ছানিদুল খান, হাফিজ ৰফিকুল ইছলাম আৰু হাফিজ ওৱাকিলুৰ ৰহমান । দুপৰীয়া ১২ বজাত নজিবুৰ ৰহমানৰ অধ্যক্ষতাত আৰু নুৰুল ইছলামৰ পৰিচালনা কৰা ইছলামিক গজল, জিকিৰ আৰু জাৰী প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে এডভোকেট ৰাইজুদ্দিন আহমেদ, ৰফিকুল ইছলাম আৰু আবু নাছিৰ আলমে । আবেলি ১:৩০ জালাল উদ্দিন আৰু ৰফিকুল ইছলামৰ পৰিচালনাত কুইজ মাষ্টাৰ হাফিজ ওৱাকিলুৰ ৰহমানৰ ইছলামিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । আবেলি ২:৩০ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক নবাব আলীৰ সভাপতিত্বত বঁটা বিতৰণী সভা আৰম্ভ হয় ।উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দাবালীয়াপাৰা উঃ মাঃ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জাকিৰ হুছেইন সিকদাৰ, বিষয় শিক্ষক নিজাম উদ্দিন মল্লিক আৰু সমাজকৰ্মী আব্দুল মমিনে । আছৰ নামাজৰ পিছত কণ কণ ল’ৰা-ছোৱালীৰ মাজত খাদ্য বিতৰণ কৰা হয় আৰু মাগৰিবৰ নামাজৰ পিছত আলহাজ শ্বেইখ ক্বাৰী আনছাৰুল্লাহৰ পৰিচালনাত জিকিৰ মেহফিল অনুষ্ঠিত কৰা হয় । নিশা ঈশাৰ নামাজৰ পিছত উত্তৰ দাবালীয়াপাৰা আঞ্চলিক জামে মছজিদৰ ঈমাম আলহাজ শ্বেইখ ক্বাৰী আনছাৰুল্লাহৰ সভাপতিত্বত ওৱাজ মেহফিলত আৰম্ভ হয় । উক্ত অনুষ্ঠানত নগাঁও জিলাৰ পশ্চিম লৰিৰমুখ বানাত মাদ্ৰাছাৰ মুহতামিম তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা আলহাজ শ্বেইখ হাফিজ ক্বাৰী মহম্মদ হবিবুৰ ৰহমান বুলবুলিয়ে ইছলাম, দুনীয়া-আখেৰাত, বৰ্তমান সমাজব্যৱস্থা তথা বিভিন্ন দিশ সামৰি সুললিত কণ্ঠত সাৱলীল ভাষন প্ৰদান কৰে । নিৰ্দিষ্ট বক্তা হিচাপে চিৰাং জিলাৰ বগীদ্বাৰা জামে মছজিদৰ ঈমাম হেকিম মৌলানা আব্দুৰ ৰশিদ আহমেদ, স্থানীয় উলামা মৌলানা শ্বৰিফুল মল্লিক আৰু হাফিজ ওৱাকিলুৰ ৰহমানে ইছলামৰ বুনিয়াদ, পৰ্দা, আদিত ৰ ওপৰত বিশ্লেষণ আগবঢ়ায় । সভাত দান দিয়া বিভিন্ন বস্তু ডাকত অত্যাধিক দৰত মানুহে ক্ৰয় কৰা দেখা যায় । সাধাৰণ এটি পানীলাউৰ ডাকত মূল্য নিৰ্ধাৰণ হয় পাঁচ শ টকা । তেনেদৰে এটি হাঁহৰ মূল্য তেৰশ টকালৈ উঠে । সভাত কৱৰস্থানৰ উন্নয়নকল্পে এক লাখ টকা দান বৰঙণি হিচাপে ৰাইজে স্বতঃস্ফূৰ্ত ভাবে আগবঢ়ায় । সভাখন সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজলৈ কৱৰস্থান পৰিচালনা সমিতিয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
এটা পানীলাউ ডাকত উঠিল পাঁচ শ, এটা হাঁহ তেৰ শ টকা
