গুৱাহাটী,১১ ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এই শীতকালীন অধিৱেশন। উল্লেখ যে অসম বিধানসভাৰ এই অধিৱেশনত উত্থাপন কৰা হ’ব কেইবাখনো বিধেয়ক। ২১ ডিচেম্বৰত উত্থাপন হ’ব ২ খন চৰকাৰী বিধেয়ক। তদুপৰি এই অধিৱেশনত থাকিব সাধাৰণ প্ৰশ্ন-উত্তৰ শিতান আৰু দাবী মঞ্জুৰি প্ৰস্তাৱ। ইতিমধ্যে অসম চৰকাৰৰ কেইবাটাও সিদ্ধান্ত আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্ককলৈ বিৰোধীয়ে ইতিমধ্যে চৰকাৰক বিভিন্ন ধৰেণে সমালোচনা কৰিছে। বিধানসভাৰ শীতকালীন অধিৱেশনতো এই বিষয়সমূহ উত্থাপন কৰি বিৰোধীয়ে সদন উত্তপ্ত কৰাৰ সম্ভাৱনা আছে।
উল্লেখ যে এইবাৰ বিধানসভাৰ অধিৱেশন চলাৰ সময়ত কর্মচাৰীসকলে বিধানসভা সচিবালয়ে নির্ধাৰণ কৰি দিয়া ইউনিফর্ম পৰিধান কৰি আহিব লাগিব। আনকি বিধানসভাৰ অধিৱেশন চলাৰ সময়ত বাতৰি সংগ্রহৰ বাবে যোৱা সাংবাদিকসকলেও বিধানসভাৰ ড্রেছ ক’ড অনুসৰি সাজপাৰ পৰিধান কৰিব লাগিব।
