Fearless Press

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা মনীষ ছিছোদিয়াৰ

নিউজ ডেক্স,১২ ডিচেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত সকাহ পোৱা নাই আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই। মানহানিৰ গোচৰ বাতিল কৰিবলৈ ছিছোদিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ পৰা আবেদন প্ৰত্যাহাৰ কৰে ছিছোদিয়াই। দৰাচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা ফৌজদাৰী মানহানিৰ গোচৰ বাতিল কৰিবলৈ মনীষ ছিছোদিয়াই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি অভিযোগ তোলাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই ছিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰিছিল। দিল্লীত সংবাদ মেলৰ জৰিয়তে আপৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে পিপিই কীট কেংলেকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল। এই অভিযোগৰ পিছতে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ছিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানিৰ গোচৰ ৰুজু কৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ছিছোদিয়াৰ আবেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ছিছোদিয়াই।

Exit mobile version