গুৱাহাটী,১২ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰম্ভ কৰা শাস্তি প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে কেইবাটাও উগ্রপন্থী সংগঠনে অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ অহাৰ পাছত এইবাৰ বৰাকৰ আন দুটা উগ্রপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি আহিল। আজি হাইলাকান্দি জিলাত আয়োজিত এক আত্মসমৰ্পণ অনুষ্ঠানত দুই সশস্ত্ৰ উগ্ৰপন্থী সংগঠন UDLF( B)ৰ ৬৩৪ গৰাকী আৰু BRAU ৰ ৫৪৫ গৰাকীসহ মুঠ ১১৭৯ গৰাকী সদস্যই আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰে। অস্ত্র ত্যাগ কৰি মূলসূঁতিলৈ উভতি অহা দুয়োটা সংগঠনৰ নেতৃত্ব আৰু সদস্য সকলক উষ্ম আদৰণি জনাই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী পীযুষ হাজৰিকাই। অনুষ্ঠানত দুয়োটা সংগঠনৰ তৰফৰ পৰা মুঠ ৩৩৫ টা মাৰণাস্ত্ৰ জমা দিয়া হয়। অস্ত্র সম্বৰণ অনুষ্ঠানটোত বিধায়ক বিজয় মালাকাৰ, সুজামুদ্দিন লস্কৰ, জাকিৰ হুচেইন লস্কৰ, নিজামুন্দিন চৌধুৰী, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, কাছাৰ আৰু হাইলাকান্দি জিলাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু অসম আৰক্ষীৰ বিষয়াসকল উপস্থিত আছিল।
