Fearless Press

গুৱাহাটীত যোগ মহোৎসৱ উদ্বোধন ৰাজ্যপাল জগদীশ মুখীৰ

গুৱাহাটী,১৩ ডিচেম্বৰঃ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপী চেন্টাৰে আয়োজন কৰা ষষ্ঠদশ অসম যোগ মহোৎসৱ সোমবাৰে উদ্বোধন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই মহোৎসৱ উদ্বোধন কৰি দিয়া ভাষনত ৰাজ্যপালগৰাকীয়ে সুষ্ঠ শৰীৰ, মন-আত্মাৰ বাবে যোগ অনুশীলন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে যোগে আমাৰ মানসিক আৰু শাৰীৰিক সুস্থতা বৃদ্ধি কৰে তথা একে সময়তে সামাজিক সুস্থতাও বৃদ্ধি কৰে। মানসিক আৰু শাৰীৰিক শক্তি গঠনৰ বাবে ই সহায় কৰে। এটা সুস্থ আৰু শান্তিময় জীৱনৰ বাবে প্ৰত্যেকজনৰ বাবে যোগে হৈছে সমাধান। ভাৰতৰ পৌৰাণিক পৰম্পৰাৰ অমূল্য উপহাৰ হৈছে যোগ। অনুষ্ঠানত বেদ বিজ্ঞান সুধা সমাষ্ঠম ট্ৰাষ্ট বেংগালুৰুৰ অধ্যক্ষ তথা এচ ব্যাসা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেচৰ ৰামচন্দ্ৰ জী ভাট, ভাৰতীয় যোগ সংস্কৃতিৰ সভাপতি আৰু যোগ থেৰাপী চেন্টাৰৰ অধ্যক্ষ যোগাচাৰ্য্য সুভাশিস, যোৰহাটস্থিত স্বামী নিগমানন্দ যোগাশ্ৰমৰ অধ্যক্ষ স্বামী সুৰেশানন্দ সৰস্বতী, জিলা পুথিভঁৰালৰ সঞ্চালক দীনমণি দাসকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে। উদ্বোধনীৰ অনুষ্ঠানৰ পিছতে বঁটা প্ৰদান কৰা হয়। সন্ধিয়া যোগ সন্ধ্যাৰ আয়োজন কৰা হয়।

Exit mobile version