গুৱাহাটী,১৬ ডিচেম্বৰঃ ঘোষণা কৰা হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া। ইয়াৰ লগে লগে ভংগ হ’ল বৰ্ত্তমানৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ কমিটীখন। অৱশ্যে প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্ত সভানেত্রীৰ দায়িত্বতে থাকিব। আজি এই কথা সদৰি কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক বৰ্ধন যাদৱে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বৰ্ধন যাদৱৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ দায়িত্বত থকা অৰুণ গাৰ্গ আৰু নাছিৰ হুছেইনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে সদৰি কৰে। সংবাদমেলত বৰ্ধন যাদৱে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন কমিটী ২০১৮ চনৰ ২৭ নৱেম্বৰত গঠন হৈছিল। যুৱ কংগ্ৰেছৰ সংবিধান অনুসৰি তিনি বছৰৰ বাবে কমিটীখন থাকে আৰু তিনি বছৰ পাছত নিৰ্বাচন অনুষ্ঠিত হয়। ২০২১ চনত ক’ভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল আৰু উপ সভাপতিৰ দায়িত্বত থকা অংকিতা দত্তক সভাপতি হিচাপে বাচনি কৰি এবছৰৰ বাবে দায়িত্ব দিয়া হৈছিল। এবছৰ সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। অসমত ভাৰত জোড়ো যাত্রা চলি থকা বাবে ঘোষণা কৰা হোৱা নাছিল। তেওঁ লগতে কয় যে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ অনুমতি সাপেক্ষ্যে এই নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আনহাতে এই বিষয়ত অংকিতা দত্তই কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অংকিতা দত্ত এগৰাকী দক্ষ নেত্রী আৰু তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিব পাৰে। নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে নিয়ম মতেই বৰ্ত্তমানৰ কমিটিখন ভংগ হৈছে যদিও নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্তই প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্বত থাকিব। তেওঁৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে কিবা ক’বলগীয়া থাকিলে দলৰ মজিয়াত কলেই হ’ব। দলৰ বাহিৰত কোৱাৰ কথা নাই। নিৰ্বাচন সন্দৰ্ভত সংবাদমেলত আন এজন তত্বাৱধায়ক নাছিৰ হুছেইনে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে অনলাইন যোগে হ’ব। ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনলাইন যোগে প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। প্ৰাৰ্থীসকলৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে সদস্যসকলে দিব পাৰিব। ২৮ ডিচেম্বৰত মনোনয়ন পত্র সমূহ পৰীক্ষণ কৰি ২৯ ডিচেম্বৰত চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব। ৱেবচাইটত প্ৰাৰ্থী তালিকা দিয়া হ’ব। আনহাতে ৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান চলিব। অনলাইন যোগে সদস্যভৰ্তি হ’ব পাৰিব আৰু লগতে সদস্যসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীক অনলাইন যোগেদি ভোট দিব পাৰিব। ৫০ টকা মাচুল দি সদস্য পদ ল’ব পাৰিব। প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন সমষ্টি, জিলা আৰু ৰাজ্যিক ভিত্তিত বিভিন্ন পদৰ বাবে অনুষ্ঠিত হ’ব বুলি তেওঁ কয়। অনলাইন যোগে নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত কমিটীখন গঠন কৰা হ’ব। আনহাতে সংবাদমেলত লটাৰি যোগে ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, বজালী আৰু মৰিগাঁও জিলাৰ সভাপতি পদটো এছ টি আৰু এছ চিৰ বাবে সংৰক্ষিত কৰা হয়।
