Fearless Press

আৰক্ষী বিষয়াৰ বিৰুদ্ধে শিশুক হাৰাশাস্তিত কৰাৰ অভিযোগ

গুৱাহাটী,১৭ ডিচেম্বৰঃ গুৱাহাটী মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ এক অমানৱীয় ঘটনা পোহৰলৈ আহিছে।ভৰলুমুখ থানাৰ উপ-পৰিদৰ্শক প্ৰহ্লাদ দাসৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ হাৰাশাস্তিত অসুস্থ হৈ পৰিছে চাৰিবছৰীয়া শিশু। ভৰলু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰহ্লাদ দাসে এটি ৪ বছৰীয়া কণমানি শিশুক অকথ্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন কৰিছে কণমানি শিশুটিৰ পৰিয়ালে। শিশুটিৰ অভিভাৱক ৰাজীৱ আলিয়ে জনোৱা অনুসৰি ভূতনাথৰ নিৱাসী ৰাজীৱ আলিৰ ৪ বছৰীয়া পুত্ৰ সন্তানে দুপৰীয়া আইতাকৰ সৈতে ঘৰৰ চোতালত মোবাইলত গান শুনি আছিল। সেই সময়তেই সন্মুখৰ পথেৰে আৰক্ষী বিষয়াজন পাৰ হৈ গৈছিল। আৰক্ষী বিষয়াজনে কোনো কাৰণ নোহোৱাকৈ শিশুটিক অকথ্য গালি-গালাজ পাৰে। আৰক্ষী বিষয়াজনে শিশুটিক মাৰিবলৈও উদ্যত হৈছিল। বিষয়াজনৰ এনে ব্যৱহাৰত শিশুটো ভয়ত ভীতিগ্ৰস্ত হৈ পৰে। ঘটনাৰ পাছতেই কণমানি শিশুটোক গুৱাহাটীস্থিত মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও শিশুটি সম্পূৰ্ণৰূপে সুস্থ নহয়। উল্লেখ্য যে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী‌ পৰিয়ালে টুইটাৰত টুইট কৰিছে। টুইটটোত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সহাঁৰি জনাইছে। ইফালে শিশুটিৰ পিতৃ-মাতৃয়ে আজি মহানগৰ আয়ুক্তক ঘটনা সন্দৰ্ভত এক অভিযোগ দাখিল কৰে। মহানগৰৰ এগৰাকী দায়িত্বশীল আৰক্ষীৰ এনে কাৰ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Exit mobile version