Fearless Press

মুখ্যমন্ত্রীয়ে মুকলি কৰিলে সপ্তম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা

গুৱাহাটী,১৭ ডিচেম্বৰঃ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা “সপ্তম অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২২”ৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষত অসম চৰকাৰৰ সৱল প্ৰচেষ্টাৰে অসমৰ কৃষিখণ্ডই দ্ৰুত উন্নয়নৰ নৱধাৰা দেখিবলৈ সক্ষম হৈছে। কৃষি তথা কৃষকৰ সৱলীকৰণৰ হেতু অসম চৰকাৰে বহু আঁচনি আৰু নীতি ৰূপায়ন কৰি আছে বুলি তেওঁ সদৰি কৰে। এই মেলাৰ জৰিয়তে কৃষিখণ্ডৰ বিনিয়োগকাৰী সকলক অসমৰ কৃষি-উদ্যান শস্য খণ্ডত বিনিয়োগৰ হেতু বাবে আকৰ্ষিত কৰিব লাগে যাতে খণ্ডটোত বিনিয়োগৰ সম্ভাৱনা ও পৰিসৰৰ সন্দৰ্ভত দিকনিৰ্ণয় কৰিব আৰু এই মেলাৰ প্ৰচাৰ তথা প্ৰসাৰে অনাগত দিনত কৃষিখণ্ডৰ প্ৰতি অসমৰ নৱপ্ৰজন্মক অধিক আকৰ্ষিত কৰিব পাৰিব বুলি তেওঁ মতপোষণ কৰে। অনুষ্ঠানত ম্যানমাৰ, থাইলেণ্ড, ছৌদি আৰৱ, বাংলাদেশ, ভিয়েটনাম, ঘানা, কেনিয়া আদি দেশৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ইউ জি ব্ৰহ্ম, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোচা, সাংসদ কুইন ওজা, বিধায়ক তৰংগ গগৈ, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, কৃষি উৎপাদন আয়ুক্ত ড° আশিস কুমাৰ ভুটানী, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Exit mobile version