গুৱাহাটী,১৮ ডিচেম্বৰঃ প্ৰতিশ্ৰুতি দিয়াত বিজেপি দল শ্ৰেষ্ঠ, কিন্তু বিজেপি দলৰ সকলো প্ৰতিশ্ৰুতিয়ে অসাৰ-অসম্পূৰ্ণ। এই বক্তব্য তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰেইনৰ। অসমত বৰ্তমান সক্ৰিয়ভাৱে অব্যাহত আছে তৃণমূল কংগ্ৰেছৰ বিভিন্ন কাৰ্য্যসূচী। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দলটোৰ ৰাজ্যিক পৰ্যায়ৰ লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠান। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি সাংসদ ডেৰেক অ’ ব্ৰেইনে এইদৰে কয়। বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে বিজেপিৰ শাসনত দেশৰ জনতা অতিষ্ঠ হৈছে আৰু ২০২৪ত জনতাই নতুন চৰকাৰ শাসনলৈ আনিব। অসম বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ক লৈ সমালোচনা কৰি তেওঁ কয় যে এইটো দলীয় কাৰ্যালয় নহৈ যেন চেভেন ষ্টাৰ হোটেলহে। তেওঁ লগতে কয় যে আমি তৃণমূল পৰ্যায়ৰ দল আৰু আমাৰ ইমান ডাঙৰ কাৰ্যালয় নাই, কিন্তু আমি জনতাৰ লগত আছোঁ। অসম তৃণমূল কংগ্ৰেছৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে সকলোকে একগোট কৰা হৈছে।
অসমত তৃণমূল কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰা আৰু সমাজ সেৱা কৰাৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত উপস্থিত থাকে পশ্চিমবংগ চৰকাৰৰ কেবিনেট মন্ত্ৰী মানস ৰঞ্জন ভূনিয়া আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ। অসমৰ প্ৰতিখন জিলাৰ সভাপতি, দলীয় কৰ্মীয়ে অংশ গ্ৰহণ কৰা শিৱিৰটোত কেন্দ্ৰীয় নেতা কেইগৰাকীয়ে তৃণমূল কংগ্ৰেছ দলৰ ইতিহাস, আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে দলটোৰ সৈতে জড়িত আন বিভিন্ন বিষয় আলোচনা কৰি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী ভাষণত দলটোৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই দলৰ কৰ্মী সকলক সম্বোধন কৰি কয় যে বৰ্তমান অসমৰ ৰাইজ বিজেপি দলৰ কৰ্ম কাণ্ডত অতিকৈ অতিষ্ঠ হৈ পৰিছে আৰু ইয়াৰ প্ৰত্যাহ্বান কেৱল তৃণমূল কংগ্ৰেছে জনাব পাৰিব। তেওঁ কয় যে দলটোক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা ৩৫৫ গৰাকী লোকে আজি প্ৰশিক্ষণ গ্ৰহণ কৰিছে। যিকোনো মূল্যৰ বিনিময়ত আগন্তুক দিনত বিজেপিক পৰাস্ত কৰাৰ উদ্দেশ্যে
দলটোৰ ভেটি শক্তিশালী আৰু সু-দৃঢ় কৰাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে বুলি তেওঁ কয়। তেওঁ অংকিতা দত্ত আৰু দীপাংকৰ নাথৰ প্ৰতি বিশেষ আহ্বান জনায়। তেওঁ কয় যে তৃণমূল কংগ্ৰেছ তৃণমূল পৰ্যায়ৰ এটা দল। সকলোৰে বাবে তৃণমূল কংগ্ৰেছৰ ৰাস্তা সদায় খোলা আছে। বিশেষকৈ যুৱ প্ৰজন্মৰ নেতাৰ ক্ষেত্ৰত দলে বিশেষ মৰ্যাদা প্ৰদান কৰিব বুলি তেওঁ কয়।
কলাক্ষেত্রত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰত সাংসদ ডেৰেক অ’ ব্ৰেইন
