Fearless Press

‘কেগ’ৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

গুৱাহাটী,২৫ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ ক্ষেত্রত বিয়াগোম কেলেংকাৰী হোৱাৰ তথ্য সদৰি কৰিছে ‘কেগ’ৰ প্ৰতিবেদনে। অসম বিধানসভাৰ শীতকালীন অধিৱেশৰ শনিবাৰে অন্তিম দিনা সদনত ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন উত্থাপন কৰা হয়। এই প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত হৈছে। প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল। অৰ্থাৎ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল। আনহাতে এন আৰ চিৰ বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল। সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩৯৬৫ টকাত। তদুপৰি ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। চফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুৰ্নীতি। চফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছিল। সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদন প্ৰ-পত্রৰ ডিজিটাইজৰচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে। তদুপৰি এন এছ কেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা। এন আৰ চিত হোৱা ব্যাপক অনিয়মৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক গৰাকীক জগৰীয়া কৰা হৈছে। কেগৰ প্ৰতিবেদনত এন আৰ চি সম্পৰ্কীয় দফাত পৃষ্ঠাই পৃষ্ঠাই অনিয়ম আৰু দুৰ্নীতিৰ তথ্য সন্নিবিষ্ট হৈ আছে। এইক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব। ইফালে কেগৰ প্ৰতিবেদনত এন আৰ চিৰ ব্যাপক কেলেংকাৰীৰ তথ্য প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Exit mobile version