গুৱাহাটী,২৯ ডিচেম্বৰঃ মিছন বসুন্ধৰা-২ত ব্যাপক বিসংগতি থকাৰ অভিযোগ কৰিছে সদৌ অসম ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও জনজাতীয় সংগঠনে। মিছন বসুন্ধৰা-২ সহজ-সৰল কৰাৰ বাবে সংঘকে ধৰি সংগঠনকেইটাই দাবী জনাইছে। আজি সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত গুৱাহাটীত জনজাতীয় সংগঠন, জনজাতীয় সাহিত্য সভা আৰু জনজাতীয় স্বায়ত্বশাসিত পৰিষদ সমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিছন বসুন্ধৰা-২ৰ বিভিন্ন দিশ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাখলাৰীয়ে বসুন্ধৰা-২ বিভিন্ন বিসংগতি দাঙি ধৰি ইয়াৰ সমাধানৰ দাবী জনায়। তেওঁ কয় যে অসম চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ লোক সকলৰ ভূমি সমস্যা নিষ্পত্তিৰ বাবে আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে জনজাতীয় লোকক বংশানুক্রমে ভোগদখল কৰি থকা ভূমিৰ ৫০ বিঘালৈকে পট্টন দিয়াৰ কথাটো বাস্তৱিকতে হৈ উঠা নাই। মিছন বসুন্ধৰা-২ প্ৰক্ৰিয়াটোত প্রশাসনে মাত্র ১ বিঘা ভেটি মাটি
আৰু ৭ বিঘা খেতি মাটিৰহে আবেদন গ্ৰহণ কৰিছে। মিছন বসুন্ধৰা-২ত কেইবাটাও সেৱা উপলব্ধ নহয়। ‘পানী তল’ মাটিৰ শ্ৰেণী অন্য শ্ৰেণীলৈ পৰিবৰ্তন কৰা, ‘গ্রাম সভা পট্টা’ সমূহক ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা, জনজাতিৰ দখলত থকা দেৱোত্তৰ আৰু সত্ৰ ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰা, পিতৃ পুৰুষৰ দিনৰে পৰা ৭৫ বছৰ ভোগ দখল কৰি থকা প্রমাণপত্র কোনে প্রদান কৰিব তাক স্থিৰ কৰা, ভি জি আৰ আৰু পি জি আৰ ভূমিত মাত্র ১ বিঘাৰ বাবেহে আবেদন গ্রহণ কৰিছে। আনহাতে বহু জিলাত শ শ জনজাতীয় গাঁৱত এতিয়াও কেডেষ্ট্ৰেল জৰীপ হোৱা নাই। ৩১ মার্চৰ ভিতৰত জৰীপ সম্পূৰ্ণ হোৱাৰ নিশ্চয়তা নাই। বহু জনজাতীয় কৃষক ৰায়ত হিচাপে ভোগ দখল কৰি আছে যদিও তেওঁলোকৰ ৰায়তী খতিয়ান নাই। গতিকে তেওঁলোকৰ নামত মাটি পট্টা পোৱাটো অনিশ্চিত হৈ পৰিছে। ১৯৯৯ চনৰ বন্দবস্তী মতে ভোগ দখলত থকা লোক সকলে কৰ আদায় কৰা ৰচিদৰ অভাৱত আবেদন কৰিব পৰা নাই। এই অত্যন্ত প্রয়োজনীয় বিষয় সমূহ মিশ্বন বসুন্ধৰা-২ত সেৱা হিচাপে অন্তর্ভূক্ত নহ’লে মিছন বসুন্ধৰা ২ সম্পূৰ্ণ ৰূপে সফল নহ’ব বুলি তেওঁ সদৰি কৰে। এইক্ষেত্রত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰে।
মিছন বসুন্ধৰা-২ত ব্যাপক বিসংগতিৰ অভিযোগ জনজাতীয় সংগঠনৰ
