Fearless Press

পুনৰ প্ৰতি ইউনিটত ১.৮০ টকা বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ

গুৱাহাটী,৩০ ডিচেম্বৰঃ ইংৰাজী নৱবৰ্ষত উপভোক্তাক বিদ্যুৎ মাছুল বৃদ্ধিৰ উপহাৰ দিবলৈ সাজু হৈছে এ পি ডি চি এল। বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰস্তাৱেৰে এ পি ডি চি এলে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগত আবেদন কৰিছে। জানিব পৰা মতে নিয়ম অনুসৰি এইক্ষেত্রত জানুৱাৰীৰ প্ৰথম সপ্তাহত বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ শুনানি ল’ব অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে। উল্লেখ যে কিছুদিন পূৰ্বে প্ৰতি ইউনিটত ৩০ পইচাকৈ মাছুল বৃদ্ধি কৰিছিল এ পি ডি চি এলে। এইবাৰ এ পি ডি চি ই এলে একেকোৱে প্ৰতি ইউনিটত ১.৮০ টকালৈ মাছুল বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰস্তাৱ গ্ৰহণৰ বাবে এ পি ডি চি এলে নিয়ামক আয়োগলৈ আবেদন জনাইছে। বিদ্যুৎ খণ্ডৰ লোকচানৰ বোজা বহন কৰিব নোৱাৰা বাবেই এ পি ডি চি এলে উপভোক্তাৰ ওপৰত বৰ্ধিত মাছুলৰ বোজা জাপি দিব বিচাৰিছে। এ পি ডি চি এলে বছৰি ৯০০ কোটি টকাৰ লোকচানৰ সন্মূখীন হৈছে বুলি বিভাগীয় সূত্রত প্ৰকাশ। এই লোকচানৰ জোৰা মাৰিবলৈ এ পি ডি চি এলে বিদ্যুৎ মাছুল পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লক্ষণীয় বিষয় যে প্ৰত্যেক বাৰেই লোকচানৰ দোহাই দি এ পি ডি চি এলে বিদ্যুৎ মাছুল বৃদ্ধি কৰি উপভোক্তাৰ ওপৰত মাধমাৰ শোধাই আহিছে।

Exit mobile version