Fearless Press

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাজহুৱা শুনানিৰে সিদ্ধান্ত ল’ব নিয়ামক আয়োগে

গুৱাহাটী,৩ জানুৱাৰীঃ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এ পি ডি চি এলে দিয়া প্ৰস্তাৱৰ প্ৰসংগত আজি অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত এ পি ডি চি এলৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰি এই সন্দৰ্ভত ৰাইজৰ অভিযোগ দাখিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। এ পি ডি চি এলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাইজে অনলাইন যোগে নিয়ামক আয়োগৰ ওচৰত গোজৰ-আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে ২২ জানুৱাৰীলৈ সময়সীমা বান্ধি দিয়া হৈছে। বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষে ২২ জানুৱাৰীৰ ভিতৰত নিজৰ গোজৰ-আপত্তি দাখিল কৰিব পাৰিব। ২২ জানুৱাৰীলৈকে ৰাইজ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা লাভ কৰা অভিযোগৰ পাছত নিয়ামক আয়োগে ৰাজহুৱা শুনানি গ্ৰহণ কৰিব। ৰাজহুৱা শুনানিৰ দিন ধাৰ্য কৰা নাই যদিও মাৰ্চৰ প্ৰথম সপ্তাহত বিদ্যুৎ নিয়ামক আয়োগে শুনানি গ্ৰহণৰ সম্ভাৱনা আছে। সকলো পক্ষৰ শুনানি গ্ৰহণৰ পিছতহে নিয়ামক আয়োগে বিদ্যুত মাচুল বৃদ্ধিৰ এ পি ডি চি এলৰ প্ৰস্তাৱ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। ইফালে বিশেষ সূত্রে জানিব পৰা মতে এ পি ডি চি এলৰ প্ৰস্তাৱমৰ্মে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১টকাকৈ বৃদ্ধিত চূড়ান্ত মোহৰ লগোৱাৰ যো-জা চলাইছে। বিদ্যুৎ নিয়ামক আয়োগৰ এক সূত্ৰই জনোৱা মতে এ পি ডি চি এলে ১৩৬৮.৪১ কোটি টকাৰ ৰাজহ লোকচান দেখুৱাই প্ৰতি ইউনিটত ১.৮০ টকাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওপৰত আবেদন কৰিছিল। আয়োগে সকলো দিশবচালিজাৰি চাই প্রতি ইউনিট বিদ্যুৎ মাচুল ১ টকা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে আয়োগে ২২ জানুৱাৰী পর্যন্ত এ পি ডি চি এলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ সন্দৰ্ভত ৰাজহুৱা অভিযোগ গ্ৰহণৰ ব্যৱস্থা কৰিছে। যদিহে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে পুনৰ ১ টকা বিদ্যুৎ মাচুল বৃদ্ধিত সন্মতি জনায় তেন্তে ৫ কিলোৱাটৰ তলৰ গ্ৰাহকৰ ক্ষেত্ৰত
বৰ্তমানৰ ৫.৩১ পইচা প্রতি ইউনিট বিদ্যুৎ মাচুল ৬.৩১ পইচালৈ বৃদ্ধি পাব। ১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ বিদ্যুৎ মাচুল ৬.৬০ টকাৰ পৰা ৭.৬০ টকালৈ বৃদ্ধি পাব। আনহাতে ২৪১ ইউনিটৰ ওপৰৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৭.৬০ টকাৰ পৰা ৮.৬০ পইচালৈ বৃদ্ধি হ’ব। একেদৰে কৃষি শ্ৰেণীৰ ২৫ কিলোৱাটলৈ বিদ্যুৎ বিল ৭.২০ টকাৰ পৰা ৮.২০ টকালৈ বৃদ্ধি পাব। লক্ষণীয় যে ৰাজহ ঘাটি দেখুৱাই ২০২২ বৰ্ষৰ ২২ মার্চত প্রতি ইউনিট বিদ্যুৎ মাচুল ৩০ পইচা বৃদ্ধি কৰিছিল এ পি ডি চি এলে। এইবাৰ পুনৰ এ পি ডি চি এলে ৰাইজৰ ওপৰত লোকচানৰ দোহাই দি বোজা জাপি দিব বিচাৰিছে।

 

Exit mobile version