Fearless Press

খাৰঘুলিত নতুন ৰাজভৱনৰ আধাৰশিলা স্থাপন

গুৱাহাটী,৫ জানুৱাৰীঃ অসম চৰকাৰৰ ‘বিকাশৰ বাবে এদিন’ উদ্যমৰ অধীনত আজি ৰাজ্যপাল জগদীশ মুখী আৰু তেখেতৰ সহধৰ্মিণী প্ৰেম মুখী ডাঙৰীয়ানীৰ উপস্থিতিত খাৰঘুলিত নতুন ৰাজভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। এই কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে। ১৮ মাহৰ ভিতৰত ৪১.৩২ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া নতুন ৰাজভৱনটো দেশৰ অন্যতম সুন্দৰ ৰাজ্যপালৰ বাসভৱন হিচাপে পৰিগণিত হ’ব। অনুষ্ঠানত মন্ত্রী ৰণজিৎ কুমাৰ দাস, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী আৰু ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মীনাক্ষি সুন্দৰম উপস্থিত আছিল।

Exit mobile version