লখিমপুৰ, ৪ জানুৱাৰী ; মা” যাৰ নামতেই ফুটি উঠে মমতা , কৰুণা , আৰু ত্যাগ । ‘ মা -যিয়ে নিজ সন্তানক বহু কষ্টৰে গৰ্ভত ৰখাৰ পৰা আৰম্ভ কৰি সন্তানক জন্ম দি ডাঙৰ দীঘল কৰি এজন মানুহ হিচাপে গঢ়ি তোলালৈকে সৰ্বস্ব দায়িত্ব বহন কৰে দুখ -কষ্ট আদি সকলো পাহৰি সন্তানৰ ভৱিষ্যতৰ বাবে নিজকে আত্মনিয়োগ কৰে । এই “মা” সন্তানৰ দ্বাৰা কেতিয়াও অৱহেলিত হব নালাগে । বৰ্তমান সময়ত আধুনিকতাৰ ধাম খুমীয়াত পৰি বহু সন্তানে আজিকালি নিজ মাতৃক অত্যাচাৰ কৰে ,ঘৰৰ পৰা উলিয়াই দিয়ে ,নানান অশ্লীল ব্যৱহাৰ কৰে । এগৰাকী জন্মদাত্ৰী মাতৃৰ এনে অৱস্থা প্রত্যক্ষ কৰিয়েই লখিমপুৰৰ এগৰাকী ব্যৱসায়ীয়ে বিশেষকৈ সমাজত জন্মদাত্ৰী মাতৃৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবেই চলাইছে এক অহৰহ প্ৰচেষ্টা । এই প্ৰচেষ্টাৰ অংশ হিচাপেই লখিমপুৰৰ এক অগ্ৰণী আধ্যাত্মিক প্ৰাণকেন্দ্ৰ কদম আঞ্চলিক বৰ নামঘৰৰ বাকৰিত আয়োজন কৰা হয় “মা ” নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ । লখিমপুৰৰ এগৰাকী সমাজকৰ্মী, ব্যৱসায়ী গোবিন্দ বৰদলৈৰ পৃষ্ঠপোষকতাত অনুষ্ঠানৰ ২৩৩ সংখ্যক মা অনুষ্ঠানটি আজি আয়োজন কৰা হয় । অনুষ্ঠানত বৰদলৈয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰাৰ লগতে কয় – সন্তানৰ নামত এগৰাকী মাতৃয়ে সকলো ঘাট প্ৰতিঘাতৰ সন্মুখীন হবলৈ সদায় সাজু থাকে । কোনো মাতৃয়ে সন্তানক কোনোদিনে দুখ কষ্ট পাবলৈ নিদিয়ে । কিন্তু সেই গৰাকী মাতৃকেই একাংশই অৱহেলা, অত্যাচাৰ কৰে । আমাৰ উঠি অহা যুৱ প্ৰজন্মক মাতৃৰ সম্পৰ্কে সজাগ কৰিবৰ বাবেই ,মাতৃৰ প্ৰতি থাকিবলগীয়া কৰণীয় খিনি সোঁৱৰাই দিয়াৰ লক্ষ্যৰেই ১৯৯১ চনত তিনি গৰাকী মাতৃক সেৱা কৰা অনুষ্ঠানৰে মা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । মা-দেউতাক সন্তুষ্ট কৰিব নোৱাৰিলে জীৱনত একো কৰিব নোৱাৰি বুলি অনুভৱ কৰি তেতিয়াৰ পৰাই বৰ্তমান লৈকে এই অনুষ্ঠানৰ জৰিয়তে যুৱ চামক সজাগ কৰাৰ লগতে আই মাতৃসকলৰ সেৱা এই অনুষ্ঠানৰ যোগেদি কৰি অহাৰ কথা আজিৰ সভাত গোবিন্ বৰদলৈয়ে ব্যক্ত কৰে । সমাজকৰ্মী বলোৰাম চাংমাইয়ে সভাপতিত্ব কৰা অনুষ্ঠানত আমেৰিকাৰ নিবাসী প্ৰবাসী অসমীয়া অংকুৰ বৰাই অংশ গ্ৰহণ কৰি বৰ্তমানৰ যুৱ প্ৰজন্মক পিতৃ মাতৃৰ প্ৰতি দায়িত্বশীল হোৱাৰ লগতে জন্মদাত্ৰী মাতৃৰ প্ৰতি ভক্তি ৰাখিবলৈ আহ্বান জনায় । তেওঁ প্ৰসংগত গোবিন্ বৰদলৈৰ পদক্ষেপক শলাগ লয় । অনুষ্ঠানত প্ৰশাসনিক বিষয়া ,জয়ন্ত কুমাৰ বৰা,সমাজ কৰ্মী বলোৰাম চাংমাই, অধ্যাপিকা ৰূপশ্ৰী ভূঞাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিযে অংশ গ্ৰহণ কৰে ।এই অনুষ্ঠানত বৃহত্তৰ কদম অঞ্চলৰ ৫০গৰাকী আই মাতৃক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।নতুন বছৰৰ আৰম্ভনিতে অনুষ্ঠিত হোৱা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শলাগ লৈছে অঞ্চলটোৰ ৰাইজে । আজিৰ অনুষ্ঠানটি সফল কৰি তোলাত সহায় কৰে কদম আঞ্চলিক বৰ নামঘৰ , দিব্যজ্যোতি যুৱক সংঘ , ৰংপুৰ ৰাজহুৱা গ্ৰাম্য পুথিভঁৰাল আৰু যুৱ সংঘই ।
লখিমপুৰত প্ৰবাসী অসমীয়াৰ উপস্থিতিত ‘মা” ৰ এক ব্যতিক্ৰমী অনুষ্ঠান ৫০ গৰাকী আই মাতৃক বিশেষ সম্বৰ্ধনা
