লখিমপুৰ, ৪ জানুৱাৰী ; লিখিত জাননী, উপায়ুক্তৰ মৌখিক নিৰ্দেশনাৰ পাছত এইবাৰ আৰক্ষী অধীক্ষকৰ অবৈধ বেদখলকাৰীৰ ঘৰে ঘৰে গৈ বনাঞ্চল ত্যাগৰ নিৰ্দেশ। লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখল কাৰীক উচ্ছেদ কৰি পঠোৱাৰ বাবেই প্ৰশাসনৰ এই তৎপৰতা । অচিৰেই চলিব বৃহৎ উচ্ছেদ অভিযান কাৰ্য। শেহতীয়াকৈ লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিহপুৰীয়া আৰু নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলৰ এলেকাত একাংশ অবৈধ বেদখলকাৰীক ঘৰে ঘৰে গৈ বনাঞ্চল ত্যাগ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ যে প্ৰশাসনৰ নিৰ্দেশ পাই ইতিমধ্যে একাংশ অবৈধ বেদখলকাৰীয়ে বনাঞ্চল ত্যাগ কৰিছে যদিও সৰহ সংখ্যক বেদখলকাৰীয়েই বনাঞ্চল ত্যাগ কৰা নাই।যাৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বনাঞ্চলৰত উপস্থিত হৈ অবৈধ বেদখলকাৰীক এই নিৰ্দেশনা প্ৰদান কৰে।
পাভ সংৰক্ষিত বনাঞ্চলত অচিৰেই উচ্ছেদ, ঘৰে ঘৰে গৈ আৰক্ষীয়ে দিলে বেদখলকাৰীক বনাঞ্চল ত্যাগৰ নিৰ্দেশ
