Fearless Press

পোহৰলৈ আহিছে অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যাৰ নতুন তথ্য

নিউজ ডেক্সঃতুনিশাৰ প্ৰেমিক শ্বীজান খান বৰ্তমানো বন্দী হৈ আছে কাৰাগাৰত । এইবাৰ তেওঁৰ অধিবক্তাই দাবী কৰিছে যে তুনিশাৰ সৈতে তেওঁৰ পৰিয়ালৰ সম্পৰ্ক একেবাৰে ভাল নাছিল। তুনিশাক মাৰধৰ কৰিছিল মাকে। তদুপৰি অধিবক্তা শৈলেন্দ্ৰ মিশ্ৰাই দাবী কৰিছে যে ইমান দিন ধৰি নিজকে তুনিশাৰ মামাক বুলি পৰিচয় দিয়া ব্যক্তিজন তাইৰ প্ৰকৃত মামা নহয়।এক সংবাদমেলত অধিবক্তাগৰাকীয়ে কয় যে, “নিজকে তুনিশাৰ মামা বুলি পৰিচয় দিয়া সঞ্জীৱ কৌশল অভিনেত্ৰীগৰাকীৰ কোনো আত্মীয় নহয়। আনহাতে , তুনিশাৰ মাতৃ বনিতা মিশ্ৰৰ লগত সঞ্জীৱ কৌশলৰ প্ৰকৃততে কি সম্পৰ্ক আছে তাক লৈও তেওঁ প্ৰশ্ন তুলিছে ?অধিবক্তা শৈলেন্দ্ৰই বনিতা শৰ্মাৰ দ্বাৰা উত্থাপিত ‘লাভ জিহাদ’ৰ অভিযোগো খাৰিজ কৰিছে ।শ্বীজানৰ ভগ্নী আৰু অভিনেতা ফলক নাজেও তুনিশাৰ মাতৃৰ দ্বাৰা উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰিছে যে শ্বীজান বা তেওঁৰ পৰিয়ালৰ কোনোৱে তুনিশাক ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰা নাছিল।তেওঁক আনকি বোৰ্খা পিন্ধিবলৈও কোৱা নাছিল। যদিও যে দৃশ্যগ্ৰহণৰ সময়ত তুনিশাই বোৰ্খা পিন্ধি আছিল স্বইচ্ছাৰে ।এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সঞ্জীৱ কৌশল কোন আৰু তেওঁৰ লগত তুনিশাৰ মাতৃৰ প্ৰকৃততে সম্পৰ্ক কি।উল্লেখ্য যে, ২৪ ডিচেম্বৰত, তুনিশাই এখন ধাৰাবাহিকৰ ছেটত আত্মহত্যা কৰে। আৰু মৃত্যুক ‘আত্মহত্যা’ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছিল অভিনেত্ৰীগৰাকীৰ মাতৃয়ে। তেওঁ তুনিশাৰ আত্মহত্যাৰ বাবে শ্বীজানক দায়ী কৰি আইনৰ কাষ চাপিছিল।

Exit mobile version