Fearless Press

ৰঙিয়াত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধকৰ সংবাদমেল

ৰঙিয়া ৭ জানুৱাৰী :- উত্তৰ পুৱ সীমান্ত ৰেলুৱৈৰ মহাপ্ৰবন্ধ আনচুল গুপ্তাই যোৱানিশা ৰঙিয়াত উপস্থিত হয় । মহাপ্ৰবন্ধকগৰাকীয়ে ৰঙিয়াত উপস্থিত হৈ কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ৰঙাপাৰা ষ্টেচনৰ পৰা ৰঙিয়া ষ্টেচনলৈ চলি থকা ৰেলৱে সুৰক্ষা পৰিদৰ্শন কৰে । ৰেল বিষয়াগৰাকীয়ে ইয়াৰ পিচতে ৰঙিয়া ষ্টেচনৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে । সংবাদ মেলখনত বিষয়াগৰাকীয়ে জানিবলৈ দি কয় যে বঙাইগাঁওৰ পৰা কামাখ্যা জংচনলৈ চলিথকা দ্বৈত ৰেল পথ নিৰ্মাণৰ কাম এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হৈ উঠিব । ইফালে সুৰক্ষাৰ দিশতোৰ লগতে গ্ৰাহকক আগন্তুক সময়ত কি কি আৰু বেছিকৈ সুবিধা প্ৰদান কৰিব পাৰি তাৰ বাবে পৰ্যবেক্ষণ চলোৱা হৈছে বুলি জানিব দিয়ে মহা প্ৰবন্ধক গৰাকীয়ে । কোভিড কালীন সময়ত বহু কেইখন যাত্ৰীবাহী ৰেলগাড়ী বন্ধ হৈ গৈছিল এই সমূহ ৰেল কেতিয়া লৈ চলিব তাৰ এক প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে কয় যে যোৱা বছৰৰ পৰা কেইখন মান ৰেলৰ টিকট বিক্ৰী হোৱা বন্ধ হৈছিল । কভিতৰ পিচত বহু কেইখন যাত্ৰীবাহী ৰেল গাড়ী এক্সপ্ৰেছ গাড়ীলৈ পৰিৱৰ্তন কৰা হৈছে । দ্বৈত লাইনৰ কাম সম্পূৰ্ন হোৱাৰ পিছত ৰেল গাড়ীৰ সংখ্যা বহুকেইখন বৃদ্ধি হব বুলি জানিব দিয়ে বিষয়া গৰাকীয়ে । ৰঙিয়া চহৰৰ আন এক মুল সমস্যা হৈছে ৰঙিয়াৰ মাজেৰে যোৱা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰেল ক্ৰছিংৰ সমস্যা । এই বিষয়ত সংবাদ মাধ্যমক জানিবলৈ দি মহা প্ৰবন্ধক গুপ্তাই কয় যে ভাৰত ভূটান আন্ত:ৰাষ্ট্ৰীয় পথৰ ৰেল ক্ৰছিংৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ পুণৰ বাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত ৰেল বিভাগৰ ফালৰ পৰা আগবঢ়োৱা হ’ব ।

Exit mobile version