মাৰ্ঘেৰিটা ০৮ জানুৱাৰীঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ পাশা গাঁৱত আজি আম আদমি পাৰ্টীৰ এক যোগদানৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়। কোমচাই , লেখাপানী আৰু জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীত যোগদান কৰে। আম আদমি পাৰ্টীৰ তিনিচুকীয়া জিলাৰ কেইবাজনো শীৰ্ষস্থানীয় নেতৃত্বৰ উপস্থিতিত এই সমূহী়য়া যোগদান কাৰ্য্যসূচী সমাপন হৈ যায়।এই যোগদান কাৰ্যসূচীত ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰ, আপ যুৱ শক্তিৰ যুটীয়া সমন্বয়ক বাবুল বিকাশ চেতিয়া, তিনিচুকীয়া জিলাৰ তত্বাৱধায়ক পংকজ বৰগোহাঁই, তিনিচুকীয়া জিলা যুৱ শক্তিৰ ক্ৰমে জামিৰ হুছেইন, ৰোহিত শৰ্মা, গকুল থাপা আৰু বলিন ৰাজখোৱা উপস্থিত থাকে।
মাৰ্ঘেৰিটাত শতাধিক ব্যক্তি আম আদমীৰ পাৰ্টিত যোগদান
