Fearless Press

শিৱসাগৰত গো-সুৰক্ষা আইনক ভেঙুচালি কৰি অনুজ্ঞাপত্ৰবিহীনভাৱে চলাই আছে কচাইখানা বুতু, চৰিফউদ্দিন, পাপু, হেকিম, বুবু আদি কুখ্যাত চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী- প্ৰশাসনে

শিৱসাগৰ, ৮ জানুৱাৰীঃগৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি প্ৰচেষ্ঠা অব্যাহত ৰখাৰ সময়তে শিৱসাগৰ দিচাং ধাই আলি গাওঁ পঞ্চায়তৰ অধীনৰ বিশেষ নিৰ্দিষ্ট স্থানৰ পৰা চলি আছে গৰু চোৰাং ৰমৰমীয়া ব্যৱসায়।ৰাজ্য চৰকাৰে কঠোৰভাৱে বলবৎ কৰা গো–সুৰক্ষা আইনক তিলমানো গুৰুত্ব আৰোপ নকৰি লক্ষিমপুৰ, মাজুলী, ঢকুৱাখানা, চিলাপথাৰ আদিৰ পৰা লুইতৰ বুকুৱেদি শিৱসাগৰ কুখ্যাত চোৰাং ব্যৱসায়ী বুতু, চৰিফউদ্দিন, বুবু, পাপু, হেকিমে আৰক্ষী চকুত ধূলি মাৰি চোৰাং গৰু সৰবৰাহ অব্যাহত আছে৷ শেহতীয়াকৈ গো সৰবৰাহৰ ক’ৰিডৰ ৰূপে পৰিগণিত হৈছে শিৱসাগৰ উক্ত পঞ্চায়তৰ গোপন ঠাইডোখৰ পৰা। গো-সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গো-মাফিয়া চক্ৰই চৰকাৰ-প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি ন ন কৌশল অৱলম্বন কৰি বিগত দুমাহ ধৰি হাজাৰ হাজাৰ পশুধন জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে গো-ধন৷ উত্থাপিত অভিযোগ অনুসৰি গো-সুৰক্ষা আইনক কেৰেপ নকৰি বুতু আৰু চৰিফউদ্দিন নামৰ চোৰাং বেপাৰী দুটা অনুজ্ঞাপত্ৰ বিহীন কচাইখানাত মাজুলী,লক্ষিমপুৰ, চিলাপথাৰ লগতে বিভিন্ন স্থানৰ অবৈধভাৱে চোৰাং গৰু সৰবৰাহ হৈ আছে যদিও নিমাত আৰক্ষী-প্ৰশাসন যন্ত্ৰ। গো-সুৰক্ষা আইন মতে হিন্দু, জৈন, শিখ আৰু গো-মাংস নোখোৱা সম্প্ৰদায়ে বসবাস কৰা পাঁচ কিলোমিটাৰ জোৰা অঞ্চলত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব, লগতে মন্দিৰ, সত্ৰকে আদি কৰি হিন্দু ধৰ্ম বা অন্যান্য ধৰ্মীয় অনুষ্ঠান, যি ধৰ্মত গো-মাংস নিষিদ্ধ, ইয়াৰ পাঁচ কিলোমিটাৰ অঞ্চলত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব। চৰকাৰৰ পৰা অনুজ্ঞা-পত্ৰ লাভ কৰা কচাইখানা বা বিক্ৰী কেন্দ্ৰসমূহত আৰক্ষী বিষয়া আৰু পশুচিকিৎসা বিষয়াই প্ৰৱেশ কৰি তদন্ত নিৰীক্ষণ আৰু জব্দ কৰাৰ কতৃত্ব থাকিব। এই সকলো নীতি উলংঘা কৰিলে তিনি বছৰৰ পৰা আঠ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰুতিনি লাখৰ পৰা পাঁচ লাখ টকাৰ জৰিমনাৰ আইনসন্মত বিধি থাকিব। কিন্তু দুইটা অনুজ্ঞাপত্ৰবিহীন কচাইখানাত সমীপতে কেইবাটাও ধৰ্মীয় অনুষ্ঠান থকাৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে। গো-সুৰক্ষা আইনৰ আওতাত পৰিলে শীঘ্ৰে আইনমতে জগৰীয়া হ’ব দুটা কুখ্যাত চোৰাং বেপাৰী । লগতে আৰক্ষী চকুত ধূলি মাৰি উক্ত কুখ্যাত চোৰাং গৰু ব্যৱসায়ী পাপু, হেকিম, বুবু, আদিয়ে গো- সুৰক্ষা আইন অংগুষ্ঠ প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে চোৰাং গৰু ৰমৰমীয়া ব্যৱসায়ী। প্ৰণিধানযোগ্য যে ৰাজ্যত দীৰ্ঘদিনৰ পৰা চলি অহা গৰুৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰাৰ বাবে বিধানসভা বহুচৰ্চিত গো-সুৰক্ষা বিধেয়ক বলবৎ হৈছিল । সমগ্ৰ অসমতে অবাধে চলি থকা চোৰাং বেহা ৰোধ কৰাৰ বাবে আৰু কেতবোৰ নীতি নিদেৰ্শনাৰ জৰিয়তে গো-সুৰক্ষা আইন আনিছিল। আইনখনৰ মতে বহিঃ ৰাজ্যলৈ গৰু সৰবৰাহ কৰিব নোৱাৰিব । তদুপৰি পশু আৰু পশুচিকিৎসা বিভাগে প্ৰদান কৰা প্ৰমাণ-পত্ৰ অবিহনে খাদ্যৰ বাবে গৰু বধ কৰিব নোৱাৰিব। এনে প্ৰমাণ-পত্ৰ পশুচিকিৎসা বিষয়াই প্ৰদান কৰিব। ১৪ বছৰৰ ওপৰৰ গৰুৰ বাবেহে এনে প্ৰমাণ-পত্ৰ জাৰি কৰিব পাৰিব। তদুপৰি দামুৰী, চেউৰী, গাইগৰু বধ কৰিব নোৱাৰিব। যিসমূহ গৰু ঘৰুৱা বা কৃষিৰ কাম-কাজৰ পৰা স্থায়ীভাৱে অনুপযোগী হৈছে বা দুৰ্ঘটনাবশতঃ আঘাতপ্ৰাপ্ত হৈ ঘুণীয়া হৈছে সেইসমূহ গৰু খাদ্যৰ বাবে বধ কৰাৰ বাবে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব। কোনো মুক্ত স্থানত গৰুৰ কচাই কৰিব নোৱাৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় বা ৰাজ্যৰ আইন অনুসৰি অনুমতিপ্ৰাপ্ত কচাইখানাতহে এনে গৰু বধ কৰিব পাৰিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই নিয়ম কিছু শিথিল কৰিব পাৰিব। পঞ্জীয়নভুক্ত গৰুৰ বজাৰৰ পৰাহে গৰু ক্ৰয় আৰু বিক্ৰয় কৰিব লাগিব। এখন জিলাত থকা এনে পঞ্জীয়নভুক্ত গৰুৰ বজাৰত বিক্ৰীৰ বাবে গৰু পৰিবহণৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নহ’ব। তদুপৰি ঘাঁহনিত গৰু চৰোৱা বা কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত গৰু পৰিবহণৰ বাবে কোনো প্ৰমাণ-পত্ৰৰ প্ৰয়োজন নহ’ব। আনহাতে গো-সুৰক্ষা আইন অনুসৰি গো-মাংস ভক্ষণত কোনো নিষেধাজ্ঞা নাই যদিও গো-মাংস তথা গো-মাংসৰ পৰা উৎপন্ন খাদ্য বিক্ৰী কৰাৰ ক্ষেত্ৰত নিয়ম-নীতি নিৰ্ধাৰণ কৰা হৈছে। এতিয়াৰে পৰা বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি-পত্ৰ লাভ কৰা স্থানতহে গো-মাংস বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব। উল্লেখ্য যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৰাজ্যখনত চলি থকা অবৈধ গৰু ছিণ্ডিকেট ৰোধ কৰাৰ ক্ষেত্ৰত বহু নীতি নিয়মৰ মাজেৰে গো-সুৰক্ষা বিধেয়ক,২০২১ বিধানসভাত গৃহীত কৰিছিল।চৰকাৰে গো- সুৰক্ষা আইন কঠোৰ ভাৱে বলবৎ কৰাৰ পিছতে ৰাজ্যখনত চলি থকা অবৈধ পশুধন ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰণয়ন কৰা আইনখনক অংগুষ্ঠ প্ৰদৰ্শন কৰি পাপু, বুতু, ভাই, হেকিম, চৰিফউদ্দিন আদিয়ে মাজুলী,ঢকুৱাখানা,লক্ষিমপুৰ আৰু চিলাপথাৰ কেইজনমান গো- মাফিয়াৰ লগত মিলি যন্ত্ৰচালিত ফেৰীৰে শ শ চোৰাং গৰু সৰবৰাহ কৰি জিলাখনৰ বিভিন্ন গৰু কচাইখনাত যোগান ধৰাৰ লগতে হালোৱাটিঙলৈ গৰু সৰবৰাহ অব্যাহত ৰাখিছে। জিলাখনত উক্ত গো- মাফিয়াকেইটাই গৰু অবৈধ ৰমৰমীয়া ব্যৱসায় বীৰদৰ্পে কৰাৰ ফলত গো- সুৰক্ষা আইন শিৱসাগৰত আইনখন ফুটুকাৰ ফেনলৈ পৰিণত হৈছে।উল্লেখ্য যে গো-সুৰক্ষা বিধেয়ক ৰাজ্যৰ বিধানসভাত গৃহীত হোৱাৰ পিছতে শিৱসাগৰ জিলা প্ৰায় সংখ্যক গো-ধন ব্যৱসায়ীয়ে বন্ধ কৰিছিল যদিও জনৈক বুতু, হেকিম, ভাই, চৰিফউদ্দিন, পাপু নামৰ গো-মাফিয়াকেইটাই মাজুলী পৰা দিচাংমুখলৈ যন্ত্ৰচালিত যন্ত্ৰচালিত নাৱেৰে শ শ পশুধন সৰবৰাহ কৰি অব্যাহত ৰাখি নিশা নিশা পদপথে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰি চলাই আছে অবৈধ ব্যৱসায় । উল্লেখ্য যে বিজেপি চৰকাৰখনে বিধানসভাত গো সুৰক্ষা বিধেয়ক-২০২১ আনিছিল। এই বিধেয়ক বিধানসভাত উত্থাপন হোৱাৰ পিছত বহু বিতর্ক হৈছিল যদিও অৱশেষত সকলো জল্পনা কল্পনা অন্ত পেলায় গৰিষ্ঠসংখ্যকে সমৰ্থন কৰাত বিধানসভাত গৃহীত হৈছিল। বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পিছতে স্বয়ং বিজেপিৰ নেতাই চোৰাংকৈ গৰু সৰবৰাহ কৰি জেললৈ যাব লগীয়াত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।চোৰাং গৰু সৰবৰাহ কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলি থকাৰ সময়ত তথা গো সুৰক্ষা বিধেয়কখনক সন্মান জনাই শিৱসাগৰত প্ৰায় সংখ্যক ব্যৱসায়ীয়ে গৰু ব্যৱসায় বন্ধ কৰি থকাৰ সময়তে মাজুলী,ঢকুৱাখানা আৰু লক্ষিমপুৰৰ পৰা অবৈধভাৱে পশুধন সৰবৰাহ কৰি চোৰাং ব্যৱসায় কৰা উক্ত গো- মাফিয়াকেইটাই অতি সংগোপনে দিচাং নদী কাষে কাষে পশুধনসমূহ জমা কৰি থাওৰা সমষ্টি অন্তৰ্গত জাঁপিসজীয়া, বুধবৰীয়া বজাৰৰ কাষতে থকা বুতু কচাইখানা, চৰিফদ্দিন কচাইখানা লগতে বিভিন্ন প্ৰান্তলৈ যোগান ধৰি আহিছে যদিও আৰক্ষী প্ৰশাসন চকু মুদা কুলিৰ ভাওত অৱৰ্তীণ হৈছে।উল্লেখ্য যে দিচাংমুখত দুটাকৈ চৰকাৰী ফেৰীঘাট আছে। এইদুয়োটা ফেৰীঘাটৰ মালিকপক্ষৰ অজ্ঞাতে যন্ত্ৰচালিত নাৱেৰে মাজুলী,লক্ষিমপুৰ আৰু ঢকুৱাখানা পৰা লুইতৰ বুকুৱেদি অবৈধভাৱে চোৰাং গৰু সৰবৰাহ কৰি আছে পশুধন মাফিয়া চক্ৰকেইটাই। কি চৰকাৰে গো-সুৰক্ষা আইনখন গৃহীত কৰাৰ পিছতে শেহতীয়াকৈ পোনপটীয়াকৈ গৰু সমূহ দিচাংমুখলৈ আনিব নোৱৰাত চোৰাং গৰু সৰবৰাহকাৰীকৃইটাই অতি সংগোপনে প্ৰতিদিনেই গৰু-ম’হ সমূহ সৰু সৰু যন্ত্ৰচালিত নাঁৱত দিচাংমুখৰ চাপৰিলৈ আনি দিচাং নদী কাষে কাষে খোজ কঢ়াই গৰু-ম’হসমূহ লৈ যায় জাঁপিসজীয়াৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ অনুজ্ঞাপত্ৰবিহীন কচাইখানালৈ।গতিকে গো-সুৰক্ষা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি শিৱসাগৰ জিলাত মষ্ট গো-মাফিয়াকেইটাই অবৈধভাৱে পশুধনৰ ৰমৰমীয়া চোৰাং ব্যৱসায় দিন দুপৰতে চলাই থকাৰ পিছতো নীৰৱ ভূমিকাত আছে আৰক্ষী-প্ৰশাসন।

Exit mobile version