Fearless Press

খেলৰ বাবে ১০ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত অৰ্ধ ছুটি ঘোষণা

গুৱাহাটী,৯ জানুৱাৰীঃ গুৱাহাটী মহানগৰী এতিয়া ক্ৰিকেটৰ উন্মাদনা। মাজত মাথো আৰু এটা দিন। ভাৰত-শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ বাবে সাজু বৰ্ষাপাৰা ষ্টেডিয়াম। মঙলবাৰে বৰ্ষাপাৰাত বেট-বলৰ মহাৰণত নামিব ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেট দল। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে টীম ইণ্ডিয়াৰ বহুকেইগৰাকী ক্ৰিকেট তাৰকা। ইফালে আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলখনৰ বাবে ১০ জানুৱাৰীত কামৰূপ মহানগৰত স্থানীয় অৰ্ধ ছুটীৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক ১০ জানুৱাৰীত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচৰ বাবেই এই অৰ্ধ ছুটীৰ ঘোষণা ৰাজ্য চৰকাৰৰ। কামৰূপ মহানগৰৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান দুপৰীয়া ১ বজাৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে। উল্লেখ যে ইতিমধ্যে দুয়োটা ক্ৰিকেট দলৰ খেলুৱৈ গুৱাহাটীত উপস্থিত হৈ হোটেল ৰেডিচন ব্লুত বাহৰ পাতিছে। ইফালে আজি সন্ধিয়া ভাৰতীয় আৰু শ্ৰীলংকাৰ খেলুৱৈসকলে বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰে। ইতিমধ্যে ক্ৰিকেট খেলখনৰ বাবে ষ্টেডিয়ামৰ চৌপাশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

Exit mobile version