লখিমপুৰ ৯জানুৱাৰী : ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখল মুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত অহা ১০ আৰু ১১ জানুৱাৰীত এক উচ্ছেদ অভিযান চলোৱা হব। লখিমপুৰ সংমণ্ডলৰ সহকাৰী বন-সংৰক্ষকগৰাকীযে জানিবলৈ দিয়া অনুসৰি পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমি বর্তমানলৈকে একাংশ লোকৰ দ্বাৰা বেদখলৰ কবলত আছে। উল্লেখযোগ্য যে, ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ। বনাঞ্চল খনত বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ ৰ অধীনত আবেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আবেদন অগাহ্য কৰে। ইয়াৰ পিছৰ পৰ্য্যায়ত চৰকাৰে এই বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলিব। প্ৰথম পৰ্যায়ত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২৯৯টা ঘৰ উচ্ছেদ কৰা হব। আনহাতে দ্বিতীয় পৰ্যায়ত মহঘুলি অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২০২ টা ঘৰ উচ্ছেদ কৰা হব। প্ৰশাসনে ইতিমধ্যে যাবতীয় ব্যাপক সমৰসজ্জা গঢ়ি তুলিছে ৬ শতাধিক আৰক্ষী বাহিনীয়ে । কাইলৈ পুৱা ৮বজাৰ পৰা প্ৰশাসনে চলাব উচ্ছেদ অভিযান । প্ৰশাসনে ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে প্ৰয়োজনীয় জেচিবি , বুলড্ৰেজাৰ সাজু কৰি যোৱা ৪/৫ দিন ধৰি অনুশীলন অব্যাহত ৰাখিছে । প্ৰশাসনৰ তৎপৰতা দেখি বেদখলকৃত ভুমিৰ পৰা আতৰিছে যদিও একাংশই আকোৰ গোজ ভাৱত আছে ।
৪৫০ হেক্টৰ বেদখল মুক্ত কৰিব প্ৰশাসনে ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল ৪৬২৮.৮৭ হেক্টৰ পৰিনত হৈছিল জনাঞ্চললৈ
