গুৱাহাটী,১২ জানুৱাৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজিৰ কেবিনেটত ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ‘সাগৰ মালা’ আঁচনিৰ অধীনত গুৱাহাটীত ব্ৰক্ষ্মপুত্রৰ সমীপত থকা পাঁচটা মন্দিৰ তথা তীৰ্থক্ষেত্রক ৰিভাৰ ক্ৰুজৰ দ্বাৰা সামৰি লোৱা হ’ব। কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, দৌল গোবিন্দ আৰু পাণ্ডুৰ মন্দিৰক সামৰি ফেৰী চলোৱা হ’ব। পৰ্যটকে ৰিভাৰ ক্ৰুজৰ যোগেদি এই পাঁচটা তীৰ্থস্থান ভ্ৰমণ কৰিব পাৰিব। আনহাতে কামাখ্যালৈ যোৱাৰ বাবে ফেৰীঘাটৰ পৰা লিফ্ট সদৃশ উইংচৰ ব্যৱস্থা থাকিব। এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫ শতাংশ আৰু অসম চৰকাৰে ৪৫ শতাংশ ব্যয় বহন কৰিব। ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে এই আঁচনি ডাঙৰ সংযোগ। আনহাতে আজিৰ কেবিনেটে স্কীল তথা কাৰিকৰী শিক্ষাৰ ক্ষেত্রত উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে। আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। আই টি আইৰ পাঠ্যক্ৰমক বিদ্যায়তনিক পাঠ্যক্ৰমৰ সমপৰ্যায়ৰ কৰা হৈছে। ইয়াৰ বাবে আই টি আইৰ পাঠ্যক্ৰমত বিদ্যায়তনিক আন কেতবোৰ পাঠ্যক্ৰমৰ সংযোজন কৰা হ’ব। অষ্টম মান শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল দশম মানৰ সমপৰ্যায়ৰ হ’ব। সেইদৰে দশম মান শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থী দ্বাদশৰ সমপৰ্যায়ৰ হ’ব। পৰৱৰ্তী সময়ত চৰকাৰে ‘ছেবা’ আৰু ‘কাউন্সিল’ৰ দৰে কাৰিকৰী শিক্ষাৰ বাবে পৃথক বোৰ্ড গঠন কৰিব। আই টি আই সমূহক বিদ্যালয়ৰ মৰ্যাদা দিয়া হ’ব।
সেইদৰে কেবিনেটে ঢেকিয়াজুলিৰ বৰচলাত ৫০ মেগাৱাটৰ সৌৰ পাৰ্ক কৰাৰ বাবে অনুমোদন জনায়। বৰচলাৰ উচ্ছেদিত স্থানত হ’ব এই সৌৰ পাৰ্ক। আজিৰ কেবিনেটে ৪৪ লাখ লোকৰ ঘৰত ৪৬৬২ কোটি টকা ব্যয় সাপেক্ষে স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে অনুমোদন জনায়। ইয়াৰ ফলত ৫ হাজাৰ টেকনিচিয়ান আৰু ২ হাজাৰ ৰিচাৰ্জ এজেণ্টৰ প্ৰয়োজন হ’ব। আনহাতে আজিৰ কেবিনেটে কনট্ৰলাৰ অব লিগেল মেট্ৰল’জি বিভাগক খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ সৈতে চামিল কৰে। সেইদৰে কেবিনেটে এন ডি আৰ এফৰ কেম্পাচৰ বাবে হাজোৰ সোণপাৰা পৰ্বতত ২২৭ বিঘা ভূমি আৱণ্টন দিয়াৰ বাবে অনুমোদন জনায়। মিছন বসুন্ধৰা-২ ৰ ক্ষেত্রতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বসুন্ধৰা-২ ত আবেদন কৰাৰ সময়সীমা ১০ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। আনহাতে থানাৰ পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বদলিকৰণৰ ক্ষেত্রত আজিৰ কেবিনেটে আৰক্ষী অধীক্ষকসকলক ক্ষমতা প্ৰদান কৰে। পূৰ্বতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ বদলিকৰণ হৈছিল। এতিয়াৰে পৰা সংশ্লিষ্ট জিলাৰ ভিতৰত বদলিকৰণৰ ক্ষেত্রত জিলাখনৰ আৰক্ষী অধীক্ষকে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ বদলিকৰণ কৰিব পাৰিব।
