বিজনী ,১৭ জানুৱাৰীঃআজি শিল্পী দিৱস,সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙৰ বিজনীতো উদযাপন কৰা হয় এই দিৱস। বিজনী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বিজনী শাখা সাহিত্য সভাৰ সহযোগত মঙ্গলবাৰে বিজনী প্ৰেছ ক্লাবত উদযাপন কৰা হয় শিল্পী দিৱস । তদুপলক্ষে বন্তি প্ৰজ্বলন কৰে চিৰাং জিলা সাহিত্য সভাৰ উপসভাপতি হৰিলাল বায়নে আৰু মাল্যাৰ্পন কৰে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই । লগতে স্থানীয় অসমীয়া প্ৰতিদিন টেলিভিছনৰ সংবাদ কৰ্মী হেমন্ত ৰায় ,প্ৰাগ নিউজ টেলেভিছনৰ চিৰাং জিলা কৰ্মৰত সংবাদকৰ্মী ৰিমু সেন , আসাম টকছ টেলেভিছনৰ সংবাদকৰ্মী আল্লাল উদ্দিনৰ লগতে সতীৰ্থ সাংবাদিক সকলে পুষ্পাঞ্জলি অৰ্পণ কৰে ।
বিজনী প্ৰেছ ক্লাবত শিল্পী দিৱস উদযাপন
