,লখিমপুৰ,১৭ জানুৱাৰী:-অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত পালন কৰা পথ সুৰক্ষা সপ্তাহৰ অংশ হিচাপে আজি লখিমপুৰতো সজাগতা সভা আৰু বাইক ৰেলীৰে পথ সুৰক্ষা সপ্তাহৰ সফলতাৰে সামৰণি পৰে। যোৱা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কাৰ্যসূচীৰ আজি সামৰণিৰ দিনা লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা এক সজাগতা সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, উপায়ুক্ত সুমিত সাত্তৱান,আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা ,জিলা পৰিবহন বিষয়া সত্যকাম গগৈকে ধৰি লখিমপুৰ পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী, বিভিন্ন যান-বাহনৰ ডীলাৰসমূহৰ কৰ্মচাৰীকে ধৰি বহু ৰাইজ উপস্থিত থাকে । উক্ত সজাগতা সভাত সাংসদ, বিধায়ক ,উপায়ুক্ত আৰক্ষী অধীক্ষকে পথ সুৰক্ষা সপ্তাহৰ গুৰুত্ব সম্পৰ্কে আৰু পৰিবহন আইন মানি চলি সমাজৰ সকলোৱে সচেতন হ’লে দুৰ্ঘটনা ৰোধ হোৱাৰ লগতে অনেকৰ প্ৰাণ ৰক্ষা পৰিব বুলি ব্যক্তব্য ৰাখে । সজাগতা সভাৰ সামৰণি ৰ পাচতে জিলা পৰিবহণ বিভাগে লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰৰ পৰা এক বাইকৰেলী উলিয়াই উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে আহি পুনৰ ত্যাগক্ষেত্ৰত সমবেত হয় । উল্লেখ্য যে পথ সুৰক্ষা সপ্তাহ উপলক্ষে জিলা পৰিবহণ বিষয়া সত্যকাম গগৈৰ নেতৃত্বত আৰু এনফৰ্চমেন্ট বিষয়া নৰেণ বৰঠাকুৰ, ৰাজীৱ জ্যোতি ভূঞাকে ধৰি বিভিন্ন বিষয়া কৰ্মচাৰীৰ সহযোগত জিলাখনৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া, বগীনদী ঢকুৱাখনাকে ধৰি অন্যান্য বহু স্থানত পথ সুৰক্ষাৰ বাবে সভা,পত্ৰিকা বিতৰণ, বাটৰ নাট, পষ্টাৰিং,বাহন চালকৰ মাজত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, বিভিন্ন শিক্ষানুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
লখিমপুৰত সজাগতা সভা, মটৰ চাইকেল ৰেলীৰে পথ সুৰক্ষা সপ্তাহৰ সফল সামৰণি
