Fearless Press

লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত  গড়ৰ মুক্ত বিচৰণঃ গড়ৰ আক্ৰমণত ৩জন আহত

লখিমপুৰ, ,১৭জানুৱাৰীঃলখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত  এলেকাত এইবাৰ গড়ৰ মুক্ত বিচৰণ।মুক্ত ভাৱে বিচৰণ কৰা গড়ৰ আক্ৰমণত তিনি জন লোক আহত হোৱা বুলি জনা গৈছে।লখিমপুৰ জিলা বনবিভাগ আৰু প্ৰকৃতিপ্ৰেমী হামিদুৰ ৰহমানে সদৰী কৰা অনুসৰি কাজি ৰঙাৰ পৰা ওলাই অহা গড়টো আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ আধাখনা অঞ্চলত বিচৰণ কৰি আছে।বন বিভাগে সদৰী কৰা অনুসৰি গাভিনী গড় জনীক উক্ত এলেকাৰ পৰা আতৰাই পথাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পযন্ত সফল হব পৰা নাই।বিশেষকৈ গড় চাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম,হুলস্থুল দেখি গড়টোৱে যেনি তেনি দৌৰি ফুৰিব লগা হৈছে।যাৰ ফলত ৩জন লোকো খঙাল গড়জনীৰ আক্ৰমণত আহত হব লগা হৈছে।ইতিমধ্য পাভ সংৰক্ষিত জনাঞ্চলত লখিমপুৰৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ গড়জনীক পহৰাৰ ব্যৱস্থা কৰা বুলি প্ৰকৃতি প্ৰেমী হামিদুৰ ৰহমানে সদৰী কৰিছে।

Exit mobile version