তিনিচুকীয়া ১৭ জানুৱাৰীঃ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ গুইজানত পথত এখন চুইফট গাড়ী আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা ফলতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত অট’ চালকজন থিতাতে নিহত হোৱা লগতে আন তিনিজন আৰোহী গুৰুতৰ ভাৱে আহত হয়।দুৰ্ঘটনা সংঘটিত হোৱা চুইফট গাড়ী খনৰ নম্বৰ AS 06 Z 6200 আৰু অট’খনৰ নম্বৰ AS 23 BC 9901।নিহত অট’চালক জন তিনিচুকীয়া লাইকাৰ কৃষ্ণ মিলি বুলি জানিব পৰা গৈছে।ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তেজিত ৰাইজে গুইজান তিনিচুকীয়া সংযোগী পথছোৱা অৱৰোধ কৰা লগতে চুইফট গাড়ীখন জ্বলাই দিয়ে৷ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গাড়ী জ্বলাই দিয়া কাৰ্য্য লগত জড়িত সন্দেহত ১৬ জন লোকক আটক কৰিছে।
ভোগালীৰ আনন্দ উল্লাসৰ মাজতে তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত ১,গুৰুতৰ ভাৱে আহত ৩ জন
