Fearless Press

এইবাৰ লখিমপুৰৰ পাভ সংৰক্ষিত জনাঞ্চলত ভূমিপুত্ৰ মিছিং,দেউৰীৰ উত্তাল প্ৰতিবাদঃফুলাম সৰিয়হ খেতিত জেচিবি চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদঃক্ষতিপূৰণৰ দাবী

,লখিমপুৰ, ১৮জানুৱাৰীঃএইবাৰ লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ভুমি পুত্ৰ মিচিং আৰু দেউৰী সকলে। উচ্ছেদৰ পিছত সংৰক্ষিত পাভ বনাঞ্চল জ্বলিছে ভূমিপুত্ৰৰ ক্ষোভত ।ক্ষোভ, অসন্তুষ্টি, প্ৰতিবাদত উত্তাল হৈ আছে উচ্ছেদৰ পিছৰে পৰা পাভ বনাঞ্চলখন ৷এইবাৰ ভূমিপুত্ৰ মিচিং দেউৰী সকলৰ প্ৰতিবাদত উত্তাল হ’ল পাভ বনাঞ্চল । কাৰণ বছৰ বছৰ ধৰি প্ৰায় দুশৰো অধিক কৃষকে সৰিয়হৰ লগতে ৰবি শস্যৰ খেতি কৰি আহিছিল খৰালিৰ সময়ছোৱাত । কিন্তু এইবাৰ চৰকাৰী ব্যৱস্থাটো সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলালে তেওঁলোকৰ সৰিয়হৰ খেতি সমূহ । কেৱল এমাহৰ সময় বিছাৰি খেতিয়ক সকলে বিভাগীয় কতৃপক্ষক আৱেদন নিবেদন কৰিছিল যদিও কিন্তু তেওঁলোকৰ আবেদনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে কতৃপক্ষই। সেয়েহে অসম চৰকাৰৰ ওচৰত ক্ষতিপুৰণ বিছাৰি হাতে হাতে শ শ প্লে কাৰ্ড লৈ কৃষকে প্ৰতিবাদ সাৱস্ত কৰিলে পাভৰ ভূমিত । হাতে হাতে শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে পাভৰ আকাশ উত্তাল কৰি তোলে চৰকাৰ বিৰোধী শ্লোগানে ।ক্ষোভিত প্ৰতিবাদ কাৰী সকলৰ অভিযোগ চৰকাৰে এমাহ সময় কৃষক সকলক নিদি শশ হেক্টৰ হালধীয়া সৰিয়হ পথাৰত জেচিবি,টেক্টৰে হাল বাই অমানৱীয় ভাৱে উচ্ছেদ চলালে।এনে অন্যায় কোনো কাৰনতে সহ্য কৰা নহব বুলি জাঙুৰ খাই উঠিছে মিছিং,দেউৰী জনজাতীয় লোক সকলে।চৰকাৰক তেও লোকে আবেদন জনাইছিল তেওলোকৰ সৰিয়হ,মাটি মাহ,আলু খেতি সমূহ চপাবলৈ এমাহ সময় বিচাৰিছিল যদিও সেই কথালৈ কৰ্ণপাত নকৰিলে। মিচিং,দেউৰী জনজাতীয় লোক সকলে চৰকাৰৰ পৰা ক্ষতি পূৰণ আদায় নোপোৱা পযন্ত প্ৰতিবাদ চলাই যাব বুলিও ষ্পষ্ট কৰি দিছে ।

Exit mobile version