গুৱাহাটী,১৮ জানুৱাৰীঃ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছ প্ৰস্তুত হৈ আছে ইয়াৰ পদ্ধতিকলৈ সন্তুষ্ট নহয়। এই মন্তব্য বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সমষ্টি পুনৰ্নিদ্ধাৰণ বিষয়ক শীৰ্ষ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবদমেল সম্বোধন কৰে ৰকিবুল হুছেইনে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এটা অৱধাৰিত কাম। কংগ্ৰেছ দলে ইয়াৰ বিৰোধীতা কৰা নাই। কিন্তু ইয়াৰ পদ্ধতিত কংগ্ৰেছৰ দ্বিমত আছে। যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক পত্র প্ৰদান কৰিছিল। আয়োগে প্ৰদেশ কংগ্ৰেছৰ উত্থপিত বিষয়সমূহৰ ক্ষেত্রত ইতিবাচক সঁহাৰি জনাই লিখিতভাৱে জনোৱাৰ কথা কৈছিল। কিন্তু এতিয়ালৈকে নিৰ্বাচন আয়োগে কোনো কথা অৱগত কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সমষ্টি পুনৰ্নিদ্ধাৰণ বিষয়ক শীৰ্ষ সমিতিয়ে এই ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুত হৈছে। আজি শীৰ্ষ সমিতি দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। জিলা সমিতিসমূহৰ সভাপতিৰ লগত হোৱা এই বৈঠকত সকলোকে পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰস্তুত হৈ থকাৰ বাবে আহ্বান জনোৱা হয়। তেওঁ লগতে কয় যে তৰুণ গগৈ চৰকাৰৰ দিনত এন আৰ চিৰ কাম সম্পূৰ্ণ নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাইছিল। কিন্তু বৰ্ত্তমান বিজেপি চৰকাৰে এন আৰ চিৰ প্ৰসংগক এলাগি কৰি ৰাখিছে। এনে পৰিস্থিতিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে এই কাৰ্য সম্পাদন কৰিলে সকলোৱে কোৱাৰ সুবিধা থাকে। নিৰ্বাচন আয়োগে কৰিলে কবলৈ একো নাথাকে বুলি তেওঁ কয়। আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কিদৰে হ’ব তাৰ কোনো ডিজাইন এতিয়ালৈকে ঠিক কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্রত গঠন কৰা কংগ্ৰেছৰ জিলা সমিতিসমূহক অভিযোগ দিয়াৰ বাবে সাজু থকাৰ বাবে কোৱা হৈছে। ৰাজ্য চৰকাৰৰ কাম-কাজত ৰাইজ বিতুষ্ট বুলি সদৰি কৰি তেওঁ কয় যে শেহতীয়াকৈ ৰাজ্যত সংবিধান বিৰোধী কাম-কাজ চলি থকাত বিভিন্ন জাতি-জনগোষ্ঠি শংকিত হৈ আছে। তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সংবাদমেলত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে ২০১১ চনৰ তথ্য থকাৰ পাছতো কি যুক্তিত ২০০১ চনত তথ্যৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা হৈছে। ইয়াৰ অন্তৰালত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্র আছে। কংগ্ৰেছ দলে যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছে বুলি তেওঁ কয়। আনহাতে ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত তেওঁ কয় যে চৰকাৰে বিভিন্ন ভয়-ভাবুকিৰে ৰাইজক ভেকচিন লোৱাৰ বাবে বাধ্য কৰালে। আনহাতে ক’ভিডৰ ভেকচিন আৰু পি পি ই কিটৰ নামত ব্যাপক দুৰ্নীতি হ’ল। সেইদৰে অৰ্ণমাই বৰা হত্যাকাণ্ড সন্দৰ্ভত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰসংগত তেওঁ কয় যে আৰক্ষীৰ ব্যৰ্থতা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দিব লাগে। আৰক্ষীক মাথো সন্ত্রাস চলোৱাৰ বাবে ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্রীৰ কামৰ হেঁচা বৃদ্ধি পাইছে। গতিকে মুখ্যমন্ত্রীয়ে গৃহমন্ত্রীৰ দায়িত্ব এজন দায়িত্বশীল মন্ত্রীক দিয়া উচিত। সংবাদমেলত ভৰত নৰহ, প্ৰণতি ফুকন, জাকিৰ হুছেইন সিকদাৰ, মনজিত মহন্তকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।
