গুৱাহাটী,১৯ জানুৱাৰীঃ কাব্যঋষি নীলমণি ফুকন আৰু নাই। শ্বাস-প্ৰশ্বাস জনিত ৰোগত প্ৰথমে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কাব্যঋষিগৰাকীক। কিন্তু স্বাস্থ্যৰ জটিলতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে দিনৰ ১১.৫৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰিছে। শোকবাৰ্তাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ আছিল কাব্যঋষি নীলমণি ফুকন। অসাধাৰণ কাব্যশিল্পৰ জৰিয়তে বিশিষ্ট কবি গৰাকীয়ে অসমীয়া সাহিত্যৰ জগতলৈ যি অনন্য অৱদান আগবঢ়াই গৈছে সেয়া চিৰস্মৰণীয় হৈ থাকিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। জ্ঞানপীঠ বঁটাৰে বিভূষিত কবিগৰাকীয়ে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল। তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱৰা ক্ষতি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। বিশিষ্ট কবি গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। বিশিষ্ট কবি নীলমণি ফুকনৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে কাব্যঋষি নীলমণি ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক শোকবাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কয়-‘যিগৰাকী ঋষিতুল্য ব্যক্তিৰ অনন্য পৰশত সাৰুৱা হৈ উঠিছিল অসমীয়া কাব্য সাহিত্যৰ পথাৰ, যাৰ আন্তৰিকতাপূৰ্ণ সান্নিধ্যই প্ৰফুল্লিত কৰিছিল আমাৰ মন-প্ৰাণ, তেখেত আজি আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱাত শোকস্তব্ধ হৈ পৰিছোঁ। শ্ৰদ্ধাৰ নীলমণি ফুকন অসমীয়াৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত এটি ব্যক্তিসত্তা। জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষিগৰাকীৰ প্ৰয়াণ অসমীয়া তথা ভাৰতীয় সাহিত্য জগতৰ বাবে প্ৰকৃতাৰ্থতে এক অপূৰণীয় ক্ষতি।’
কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান
