বঙাইগাঁৱ ২১ জানুৱাৰীঃ– বৰপেটা জিলাৰ চৰিয়তপুৰত (বামুনটাৰী) এছ ইউ জামিয়া ইছলামীয়া ছিদ্দিকীয়া হাফিজীয়া মাদ্ৰাছা প্ৰাংগণত ASSP সাংগঠনিক দিশ মজবুত কৰিবলৈ বিশেষ আলোচনা আনুষ্ঠিত হয়। আলোচনাত সিদ্ধান্ত মৰ্মে অহা ২৯ জানুৱাৰীত ৰাতিপুৱা কলগাছিয়াত, কলগাছিয়া জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক সমিতিক সম্বৰ্ধনা অনুষ্ঠান ও কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হব।আলোচনাত উপস্থিত থাকে ৰাজ্যিক সমিতিৰ সভাপতি মোকাদ্দেছ আলী মণ্ডল, উপ-সভাপতি দ্বয় সাজাহান আলী আহমেদ, আব্দুৰ আওৱাল আহমেদ, সাধাৰণ সম্পাদক মোয়াজ্জেম হুছেইন, সহকাৰী সাধাৰণ সম্পাদক ৰফিকুল ইছলাম (ৰাজা), কলগাছিয়া জিলা সমিতিৰ সভাপতি ইছমাইল হুছেইন, সাধাৰণ সম্পাদক আব্দুৰ ৰৌফ ফাৰুকীৰ লগতে আন একাংশ নেতা কৰ্মী উপস্থিত থাকে ।
২৯ জানুৱাৰীত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ প্ৰস্তুতি সভা
