Fearless Press

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ সম্পন্ন

কয়াকুছি ২২ জানুৱাৰীঃবৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ সম্পন্ন হয়। দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত তিনিজনকৈ বহি: মূল্যায়কৰ তত্বৱধানত গুণোৎসৱ সম্পন্ন হয়।এই গুণোৎসৱ কাৰ্ৰসুচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱান নছিম উদ্দিনৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য,সদস্যা আৰু স্থানীয় অভিভাৱক সকলে উপস্থিত থাকে। পৰ্যবেক্ষক হিচাপে ক্ৰমে গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক সোনমণি দাস, বৰপেটা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা হেলমিনা খাতুন আৰু জাহ্নৱী ডেকা উপস্থিত থাকে । কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলামে জানিবলৈ দিয়া মতে বৰ্তমান বিদ্যালয়খনত দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আছে ।তাৰ বিপৰীতে পৰ্যাপ্ত শ্ৰেণী কোঠাৰ অভাৱ আৰু ২১টা শিক্ষকৰ পদ খালী হৈ আছে । পৰ্যাপ্ত শিক্ষক নথকাত কয়াকুছি অঞ্চলৰ একমাত্ৰ পুৰণি শিক্ষা অনুষ্ঠানৰ পয়লগা অৱস্থাত সচেতন মহলে আশ্চাৰ্য প্ৰকাশ কৰে । যি সময়ত অসম চৰকাৰে নিযুক্তিৰ নামত ডাক ঢোল বজাইছে। সেই সময়তে বিদ্যালয় সমূহত পৰ্য্যাপ্ত শিক্ষক কৰ্মচাৰীৰ অভাৱ ।গুণোৎসৱৰ নামত লাখ লাখ টকা খৰচ কৰিলেই শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ আশাৰ কৰিব পাৰিনে? ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্নৰ উৰ্দেক হোৱা পৰিলক্ষিত হৈছে ।এই বিদ্যালয় সমূহত পৰ্যাপ্ত শিক্ষক নিযুক্ত কৰিব নে ব্যাক্তিগত খণ্ডৰ বিদ্যালয় সমূহক সূযোগ প্ৰদান কৰিব এইয়াই লক্ষণীয় বিষয় ।

Exit mobile version