Fearless Press

পশ্চিম ছৈখোৱা হাতীঘূলীত গৰাখহনীয়া স্থায়ী ভাৱে সমাধান কৰিবলৈ জৰীপ আৰম্ভ

মাৰ্ঘেৰিটা, ২২ জানুৱাৰীঃবানগৰাখহনীয়া স্থায়ীভাৱে সমাধান কৰিবলৈ এছিয়ান বেংকৰ বৃহৎ পুঁজিৰে ডুমডুমাৰ পশ্চিম ছৈখোৱা হাতীঘূলীৰ মিলনপুৰৰ পৰা গুইজানলৈ স্থায়ীভাৱে গৰাখহনীয়া ৰোধ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে ৷ এই আঁচনিৰ জৰিয়তে আজিৰে পৰা জৰীপৰ কাম আৰম্ভ ৷ এই জৰীপত এ ডি পিৰ বিষয়া জলসম্পদৰ অভিযন্তা লাথমণ্ডল স্থানীয় গাঁওপ্ৰধান আৰু স্থানীয় ৰাইজৰ সহযোগত জৰীপ আৰম্ভ হয় ৷ নদীৰ গড়াৰ পৰা ৩০ মিটাৰ ভিতৰত ঘৰবাৰী খেতি পথাৰ গছ গছনিৰ সকলোৰে জৰীপত অন্তৰ্ভুক্ত হৈছে ৷ চৰকাৰী নে বেচৰকাৰী ভূমি তন্ন তন্নকৈ নিৰিক্ষণ কৰে ৷ এই আচঁনি ডুমডুমাৰ পশ্চিম ছৈখোৱা মিলনপুৰ পৰা আৰম্ভ কৰি গুইজানলৈকে বান গৰাখহীয়া প্ৰতিৰোধ স্থায়ীভাৱে সমাধানৰ বাবে চৰকাৰৰ বৃহৎ আঁচনি ৷ স্থানীয় ৰাইজৰ সহাঁৰিত এই সমস্যা স্থায়ীভাৱে সমাধান হ’ব লাগে বুলি প্ৰকাশ কৰিছে চৰকাৰী বিষয়াই ৷

Exit mobile version