Fearless Press

কস্তুৰীবা গান্ধী বালিকা বিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন

,লখিমপুৰ, ২৪ জানুৱাৰী : লখিমপুৰ জিলাৰ লীলাবাৰীস্থিত কস্তুৰীবা গান্ধী বালিকা বিদ্যালয়ত লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়াৰ কার্যালয়(পৰিয়াল কল্যাণ) আৰু লখিমপুৰ জিলা পি.চি.পি.এন.ডি.টি বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয় ।মহকুমা পৰ্যায়ৰ চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাক্তৰ কুইন হাজৰিকাই নিজৰ ভাষণত নিজৰ ভাষণত বাল্য বিবাহৰ ওপৰত মন্তব্য দি কয় – বাল্য বিবাহ হল এক সামাজিক কু-সংস্কাৰ । কম বয়সত বিয়া হ’লে মানসিক-শাৰিৰীক ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, বিভিন্ন নিৰ্যাতনৰ মুখামুখি হয় । লৰা – ছোৱালী উভয়ে শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰাও বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়। অভিজ্ঞতা তথা মানসিক পৰিপক্কতাৰ অভাৱত সংসাৰৰ গধুৰ দ্বায়িত্ব পালন কৰাত ব্যৰ্থ হৈ পৰে তথা কৰ্মসংস্থাপনৰ অভাৱত মানসিকভাৱে ভাগি জীৱনৰ বাটত পথভ্ৰষ্ট হৈ বিভিন্ন কু-কৰ্ম তথা অপৰাধজনিত কামত জৰিত হৈ পৰে । কোনো কোনোৱে আত্মহননৰো পৰ্যন্ত পথো বাচি লয় । এইবিলাক কাৰ্যই সমাজত কুপ্ৰভাৱ পেলায় । এগৰাকী কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত বিবাহ আৰু শিশুৰ জন্ম দিয়াৰ ফলত বিভিন্ন জটিল স্বাস্থ্যজনিত সমস্যা তথা শিশু অথবা মাতৃৰ মৃত্যু পৰ্যন্ত হব পাৰে ।অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাক্তৰ তৰুণ দেউৰীয়ে ঋতুস্ৰাৱ সম্পৰ্কে সজাগতামূলক ভাষণ দিয়ে আৰু উক্ত সময়ত অৱলম্বন কৰিবলগা পৰিষ্কাৰ পৰিচন্নতা সম্পৰ্কে উল্লেখ কৰে ।ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস বিদ্যালয়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে কাশ্যপ কলিতাই । দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে চুমি বেগম আৰু মনামি কাকতি । কুইজত প্ৰথম স্থান দখল কৰে দ্ৰৌপদী মুৰ্মু দল দ্বিতীয় স্থান দখল কৰে অনুৰাধা শৰ্মা পূজাৰীৰ দল আৰু তৃতীয় স্থান দখল কৰে সুনীতা উইলিয়ামৰ দলে ।
সভাত উপস্থিত থাকে ডাক্তৰ যতীন মেদক , ৰেণুমা লাহন, বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্র-ছাত্ৰী তথা অভিভাৱক সকল । উল্লেখ্য যে ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্র ছাত্ৰী আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সজাগতামূলক সমদল উলিয়াই । আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৭৮২ নিং গৰৈমাৰী মদেৰগুৰি প্ৰাথমিক বিদ্যালয় আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৪ জানুৱাৰী তাৰিখে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয় ।উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত দুটাত প্ৰায়  ৯ শতাধিক লোকক সাধাৰণ স্বাস্থ্য পৰীক্ষা, শিশু তথা মাতৃৰ টিকাকৰণ, ক’ভিড ১৯ৰ টীকাকৰণ, আয়ুষ্মান ভাৰত হেলথ একাউণ্ট (আভা, বিনামূলীয়া ঔষধ, তেজ পৰীক্ষা, অসংক্ৰমিত ৰোগ( (মধুমেহ/ উচ্চ ৰক্তচাপ/ কৰ্কট ৰোগ)ৰ পৰীক্ষা লগতে মেডিচিন, কান, নাক, ডিঙি, চকু, দাঁত, স্ত্ৰীৰোগ, শিশুক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ  লগতে কুষ্ঠ ৰোগ, যক্ষ্মা, মানসিক স্বাস্থ্য, বীজাণুনাসক ৰোগ আৰু চৰকাৰৰ বিভিন্ন সজাগতামূলক আঁচনি  সম্পৰ্কেজনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয় ।

Exit mobile version