গুৱাহাটী,২৫ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত ঘোষণা কৰা হৈছে আৰক্ষীৰ পদকসমূহ। সেই অনুসৰি শিলচৰৰ দক্ষিণ ৰেঞ্জৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক কংকন জ্যোতি শইকীয়ালৈ আগবঢ়োৱা হৈছে ডিষ্টিংগুইচ তথা বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল। উল্লেখ যে গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত বুধবাৰে অৰ্থাৎ আজি দেশৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেলৰ বাবে বাচনি লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকলৰ তালিকা ঘোষণা কৰা হয়। এই তালিকামৰ্মে এইবাৰ ডিষ্টিংগুইচ তথা বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হয় আৰক্ষীৰ উপ মহাপৰিদৰ্শক কংকন জ্যোতি শইকীয়ালৈ। আনহাতে ইয়াৰ উপৰি ১৪ গৰাকী অসম আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে মেৰিটৰিয়াচ তথা উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল। এইবাৰ উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল লাভ কৰা অসমৰ বিষয়া-জোৱান সকল হৈছে ক্ৰমে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, গুৱাহাটীৰ এছ পি মজিবুৰ ৰহমান, মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতা, গুৱাহাটীৰ পৰিদৰ্শক (ইউ বি) অনুকুল মালাকাৰ, কাৰ্বি আংলঙৰ চিটি (এবি) চিকাৰী ইংতি, তিনিচুকীয়াৰ চিটি (ইউ বি) দিলীপ কলিতা, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ লেন্স নায়ক মুজিবুৰ ৰহমান চৌধুৰী, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ নায়ক মাণিক কে বনিক, লখিমপুৰৰ চিটি (ইউ বি) সোমেশ্বৰ মুদৈ, তিনিচুকীয়াৰ চিটি (ইউ বি) সুনীল ফুকন আৰু জুনমণি তামুলী, কাৰ্বি আংলঙৰ লেন্স নায়ক আনন্দ ৰংহাং, ২৩ সংখ্যক এপি (আই আৰ) বেটেলিয়ানৰ এ এছ আই ৰিতুমণি বৈৰাগী আৰু প্ৰথম এ পি টি এফ বেটেলিয়ানৰ চিটি (এবি) সুভাষ ৰাভা। উল্লেখ যে প্ৰত্যেক বছৰেই গণৰাজ্য দিৱসৰ সময়ত আৰক্ষীৰ লোকসকলক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও শিতানত মেডেল প্ৰদান কৰি সন্মানিত কৰা হয়।
অসমৰ ১৫ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক
