Fearless Press

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিনিচুকীয়া জিলা সমিতিৰ ২৮ সংখ্যক অধিবেশনৰ প্ৰস্তুতি তুংগত

তিনিচুকীয়া ২৬ জানুৱাৰী ঃঅহা ২৮ আৰু ২৯ জানুৱাৰীত ডিগবৈৰ টিংৰাই স্থিত সংঘৰ নামঘৰত বৰ্নাঢ়্য কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিনিচুকীয়া জিলা সমিতিৰ ২৮ সংখ্যক অধিৱেশনখনি অনুষ্ঠিত হ’ব।দুদিনীয়া কাৰ্যসূচীত ধৰ্ম ধ্বজ্জা উত্তোলন,শিশু আই মাতৃৰ কল্যাণ পৰিষদৰ সাধাৰণ সভা,সেৱা বাহিনীৰ সভা, ভাগৱত ভ্ৰমণ, নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যনিৰ্বাহক সভা,বৃক্ষ ৰোপন,মুকলি সভা,গ্ৰন্থ উন্মোচন আদি অনুষ্ঠান থাকিব।জিলা খনৰ ৫০খন শাখা সমিতি আৰু ৪খন জিলা সমিতিৰ প্ৰায় সহস্ৰাধিক প্ৰতিনিধি,ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে আয়োজক সমিতিয়ে।অধিবেশনৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তুলিবলৈ লোকেশ্বৰ নাথক সভাপতি,স্থানীয় বিধায়ক সুৰেন ফুকনক কাৰ্যকৰী সভাপতি, লক্ষ্মীনাথ চেতিয়াক সম্পাদক আৰু মহেন্দ্ৰ মোহন দাস,ধ্ৰুৱ চাংমাইক যুটিয়া সম্পাদক ৰূপে লৈ গঠন কৰা আদৰনি সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

Exit mobile version