বৰপেটা ৰোড, ২৭ জানুৱাৰী -নাগালেণ্ড লটাৰীক লৈ চলা ডাৱল গুটিৰ জুৱাই গ্ৰাস কৰিছে ৰাজ্যৰ বহু চহৰ-নগৰ তাৰ লগত নামণি অসমটো গ্ৰাস কৰিছে বৰপেটা ৰোডৰ জুৱাৰ দালালবোৰে। এই জুৱাৰ বিৰুদ্ধে বৰপেটাৰোডৰ আৰক্ষী চক্র পৰিদৰ্শকৰ নেতৃত্বত সোমবাৰে নিশাৰে পৰা চহৰখনৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান চলে। ইয়াৰ মাজতে বুধবাৰে নিশাৰ আৰক্ষীয়ে উত্তৰ বৰপেটাৰোডৰ ১নং ৱাৰ্ডৰ সুশান্ত সাহা নামৰ এটা এজেণ্টক গ্ৰেপ্তাৰ কৰাৰ উপৰি তেওঁ ঘৰত মজুত কৰা চাৰি লক্ষাধিক টকাৰ নাগালেণ্ড লটাৰীৰ টিকটো জব্দ কৰে ৷ পিছত বৰপেটাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই ধৃত সাহাক জেৰা কৰি নাগালেণ্ড লটাৰীৰ আঁৰত ডাবল গুটি জুৱা চলোৱা মাফিয়াৰ নাম উদ্ধাৰৰ চেষ্টা চলায়। সাহা ঘৰৰ পৰা জব্দ কৰা নাগালেণ্ডৰ লটাৰীৰ ২১ পেকেট (প্ৰতিটো পেকেটত ২০০০টা টিকট) টিকট শিলিগুৰিত ছপোৱা হৈছিল। শিলিগুৰিৰ বাদল সাহা নামৰ মূল লটাৰী মাফিয়াটোৱে বৰপেটাৰোডৰ একাংশ জুৱা মাফিয়াক যোগান ধৰে নাগালেণ্ড লটাৰীৰ ভুৱা টিকট। এই টিকটসমূহক আধাৰ হিচাপে লৈয়েই চহৰখনত চলে ডাৱল গুটিৰ জুৱা। আজি বৰপেটাৰোড আৰক্ষীয়ে গোৱালপাৰাৰ পৰা বৰপেটাৰোডৰ লটাৰী বিক্রেতা চিত্তৰঞ্জন ধৰৰ পুত্ৰ চন্দ্ৰকান্ত ধৰক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰোড আৰক্ষীয়ে ০৩/২৩ ইউ/এছ- ১৪/১৮ ধাৰাত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।
বৰপেটাৰোডত জুৱাৰ বজাৰঃ আটক দুই ডাবল গুটি, তিৰৰ টিকট আৰু ৬ টকাৰ টিকটে জলা কলা খূৱাইছে শ শ পৰিয়াল
