Fearless Press

ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল

গুৱাহাটী,২৯ জানুৱাৰীঃ থমকি ৰোৱা নাই ৰাজ্যৰ শক্তি বিভ‍াগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। পহিলা ফেব্ৰুৱাৰীৰ পৰা
কাৰ্যকৰী হোৱাকৈ পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। এইবাৰ প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইচ এডজাষ্টমেণ্ট (এফ পি পি পি এ)ৰ নামত অৰ্থাৎ খাৰুৱা তেলৰ দাম বৃদ্ধিৰ অজুহাতত সৰ্বসাধাৰণৰ পৰা অতিৰিক্তভাৱে ৫০ পইচাকৈ নিৰিখ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত জাননী প্ৰকাশ কৰিছে এ পি ডি চি এলে। উল্লেখ যে এফ পি পি পি এৰ নামত নৱেম্বৰ মাহত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি কৰা হৈছিল ৩০ পইচাকৈ। নৱেম্বৰৰ পৰা চলিত জানুৱাৰীলৈ বিদ্যুৎ গ্রাহকসকলে এফ পি পি পি এৰ নামত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে অতিৰিক্তভাৱে আদায় দি আহিছে ৩০ পইচাকৈ। কিন্তু এতিয়া পহিলা ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এফ পি পি পি এৰ নামত গ্ৰাহকৰ পৰা আদায় কৰা হ’ব অতিৰিক্ত ৫০ পইচাকৈ নিৰিখ। লক্ষণীয় বিষয় যে বিজেপি চৰকাৰৰ আমোলত পেট্র’ল-ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক ত্রাহি মধুসূদন সোঁৱৰাই আহিছে। ইয়াৰ সমান্তৰালকৈ ধাৰাবাহিক বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাইজক জলা-কলা খুৱাইছে চৰকাৰে। মূল্যবৃদ্ধিত অতিষ্ঠ জনসাধাৰণে ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে যদিও চৰকাৰৰ এইবোৰলৈ যেন কোনো কাণসাৰ নাই। নৱেম্বৰত এ পি ডি চি এলে এফ পি পি পি এৰ নামত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি কৰিছিল ৩০ পইচাকৈ। ইয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্ৰিয়াৰ। কিন্তু এনে প্রতিক্রিয়া, প্রতিবাদ তথা আপত্তিলৈ কেৰেপ নকৰি এইবাৰ পুনৰ এফ পি পি পি এৰ নামত বিদ্যুৎ নিৰিখ বৃদ্ধি কৰা কাৰ্য বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। উল্লেখ যে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি এ পি ডি চি এলে প্রতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে চৰকাৰলৈ ইতিপূৰ্বে প্ৰেৰণ কৰা প্ৰস্তাৱত সেউজ সংকেত দিছে দিছপুৰে। যাৰ পৰিপ্ৰেক্ষিতত পহিলা ফেব্ৰুৱাৰীৰ পৰা অতিৰিক্তভাৱে ৫০ পইচাকৈ নিৰিখ প্ৰযোজ্য কৰা হ’ব। উল্লেখ্য যে এ পি ডি চি এলে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰাৰ পাছত ফেব্ৰুৱাৰী দুমাহৰ বাবে চতুৰ্থ বাৰলৈ প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে এ পি ডি চি এলে দুবাৰ প্ৰতি ইউনিটৰ বিপৰীতে ৩০ পইচাকৈ আৰু এবাৰ ৬০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল। আনহাতে আগন্তুক বিত্তীয় বর্ষ অর্থাৎ ২০২৩-২৪ বৰ্ষৰ বাবেও এ পি ডি চি এলে ৰাজহ ঘাটিত দোহাই দি বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১.৮০ টকাকৈ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগত প্ৰস্তাৱ দাখিল কৰিছে। নিয়ামক আয়োগে শীঘ্ৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰি মাচুল বৃদ্ধিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আগন্তুক বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰাই এ পি ডি চি এলে বার্ষিক প্রস্তাৱিত নিৰিখৰ উপৰি ইন্ধনৰ মূল্য বৃদ্ধিৰ নামতো অতিৰিক্ত মাচুল বৃদ্ধি কৰি উপভোক্তাক যে মাধমাৰ সোধাব সেয়া নিশ্চিত।

 

Exit mobile version