Fearless Press

বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য অসম চৰকাৰৰ

নিউজ ডেক্স,৩০ জানুৱাৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলতেই তেওঁ ঘোষণা কৰে যে পৰৱৰ্তী ফেব্ৰুৱাৰী মাহৰ কেবিনেট বৈঠক ওদালগুৰি জিলাত অনুষ্ঠিত হ’ব। আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ কৃষি খণ্ডক সামৰি গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত। সেই অনুসৰি ৰাজ্য চৰকাৰে ষ্টেট ফ্ল’ৰিকালচাৰ মিছন গঠনত অনুমোদন জনোৱা হৈছে। ইয়াৰ জৰিয়তে ২০ হাজাৰ কৃষকক জড়িত কৰা হ’ব। ইয়াৰ বাবে প্ৰথম পৰ্যায়ত খৰচ কৰা হ’ব ১৫০ কোটি টকা। ইয়াৰ উপৰিও কেবিনেটে গ্ৰহণ কৰিছে ৰঙালী বিহুত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ সিদ্ধান্ত। সেই অনুসৰি ১৫ ৰ পৰা ২০ হাজাৰ ঢুলীয়াই অংশ গ্রহণ কৰিব এই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰ্যসূচীত। ইয়াৰ বাবে এখন কেবিনেট কমিটীও গঠন কৰা হৈছে। এই কমিটীৰ নেতৃত্ব থাকিব ৪ মন্ত্ৰী। আনহাতে ১৪ এপ্ৰিলত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও। কেবিনেটত ৰাজ্যৰ নতুন উদ্যোগ নীতিকলৈও আলোচনা কৰা হৈছে। পৰৱৰ্তী কেবিনেটত নতুন উদ্যোগ নীতিৰ গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। জিলা নিয়োগ বিনিময় কেন্দ্রসমূহ জিলা যুৱ কল্যাণ কেন্দ্রলৈ ৰূপান্তৰিত হ’ব। আনহাতে দিছপুৰৰ মুখ্যমন্ত্রী কাৰ্যালয় ডিব্রুগড়ৰ পৰাও কাৰ্যকৰী হ’ব। ডিব্রুগড়ত স্থাপন হ’ব মুখ্যমন্ত্রীৰ কাৰ্যালয়। ইয়াৰ উপৰিও তেজপুৰত ৰাজভৱন স্থাপন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। ইফালে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ পদবীৰো নতুনকৈ নামাকৰণ কৰা হৈছে। সেই অনুসৰি জিলা প্রশাসনৰ কৰ্মচাৰীসকলক জুনিয়ৰ ডিচট্রিক এচিছটেণ্ট আৰু ছিনিয়ৰ ডিচট্রিক এচিছটেণ্ট হিচাপে নামাকৰণ কৰা হৈছে। ইফালে আজিৰ কেবিনেটে ডিব্ৰুগড়ৰ বাবে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। সেই অনুসৰি ডিব্রুগড় মেডিকেল কলেজৰ সকলো আৱাস একত্রিত কৰি নতুন অট্টালিকা নিৰ্মাণ কৰা হ’ব। প্ৰায় ৩০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিব ৮ মহলীয়া অট্টালিকা।

Exit mobile version