হাটশিঙীমাৰী, ৩০ জানুৱাৰীঃদক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাজিৱ ভৱনত যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ছফিউৰ ৰহমানৰ উপস্থিতিত হাটশিঙিমাৰী ৰাজীৱ ভৱনত এক প্ৰস্তুতি সভাৰ আযোজন কৰে। ভাৰতবৰ্ষত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা অহাকালী কাশ্মীৰত শেষ হব।আৰু এই ভাৰত জোড়ো যাত্ৰা শেষ হোৱাৰ পাছতে হাত ছে হাত যোড়ো যাত্ৰা কাৰ্য্যসূচী গ্ৰহন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। সাধাৰণ সম্পাদক গৰাকীয়ে নিজৰ ভাষনত বিজেপি চৰকাৰক ভেলকীবাজীৰ চৰকাৰ বুলি অভিহিত কৰাৰ লগতে ভবিষ্যতে কংগ্ৰেছ দলে আৰু কোনো দলৰ লগত মিত্ৰতা নকৰে বুলি মন্তব্য আগবৰায়। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যলঘু বিভাগৰ সাধাৰন সম্পাদক মহিবুৰ ৰহমানে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এ আই ইউ ডি এফ দলে কোনো ধৰণৰ উন্নতি কৰা নাই বুলি সাংবাদিকৰ আগত মন্তব্য আগবৰায়।
হাটশিঙিমাৰী ৰাজিৱ ভৱনত “হাত ছে হাত জোড়ো অভিযান” উপলক্ষে প্ৰস্তুতি সভা
