Fearless Press

বিটিআৰত গাঁও অন্তৰ্ভুক্তিক লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিক্ৰিয়া

নিউজ ডেক্স,১ ফেব্ৰুৱাৰীঃ বি টি আৰত গাঁও অন্তৰ্ভুক্তিক লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ আঞ্চলিক কমিটিৰ সভাপতি গোপাল ঘোষ আৰু সাধাৰণ সম্পাদক সুভজিৎ সূত্ৰধৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিক্ৰিয়াত তেওঁলোকে ঐতিহাসিক বি টি আৰ চুক্তিৰ দফাসমূহ এটা এটা কৈ ৰূপায়ন হোৱাত সন্তষ্টি প্ৰকাশ কৰে। উক্ত চুক্তি মৰ্মে ২৬ জানুৱাৰী দিনা বি টি আৰৰ সীমা বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰি বি টি আৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰণৰ অধিকাৰ যাতে সমভাৱে ভোগ কৰিব পাৰে তাৰ প্ৰতি বি টি আৰ প্ৰশাসনক নজৰ দিবলৈ আহ্বান জনায়। বি টিৱআৰ অঞ্চলত বসবাস কৰা বৃহৎ সংখ্যক হিন্দু বাঙালী লোকসকল আজিও বিভিন্ন সমস্যাত জৰ্জৰিত বুলি তেওঁলোকে সদৰি কৰে। এই সমস্যা সমূহ ভিতৰত নাগৰিকত্বৰ সমস্যা, ভূমিৰ সমস্যা উল্লেখযোগ্য বুলি তেওঁলোকে কয়। উক্ত সমস্যা সমূহ অনতিপলমে সমাধান কৰি বঞ্চিত হৈ থকা জাতিটোক শান্তিপূৰ্ণ ভাৱে জীয়াই থাকিবলৈ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ প্ৰতি তেওঁলোকে দাবী জনায়। লগতে বি টি আৰ চুক্তিৰ সকলো দফা ক্ষিপ্ততাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।

Exit mobile version