Fearless Press

কেন্দ্ৰীয় বাজেটক আদৰণী এৰিডাৰ

গুৱাহাটী,২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ ‘এৰিডা’ই। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে যদিও ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৰিয়েল ইষ্টেটৰ বাবে কোনো প্ৰত্যক্ষ ব্যৱস্থা থকা দেখা নাযায় যদিও বহুতো সুচিন্তিত পদক্ষেপ আছে। যাৰ ফলত ৰিয়েল ইষ্টেটৰ বিকাশ বৃদ্ধি হ’ব। ভৱিষ্যতৰ বাবে বহনক্ষম চহৰ বিকশিত কৰাৰ লক্ষ্যৰে নগৰ পৰিকল্পনা সংস্কাৰৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিয়া হৈছে। তদুপৰি দুৰ্লভ নগৰভূমিৰ দক্ষ ব্যৱহাৰ, আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকক ১০,০০০ কোটি টকাৰ আৱণ্টন, ৫০ টা অতিৰিক্ত বিমানবন্দৰ, হেলিপেড, ৱাটাৰ এৰো ড্ৰোনৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধি কৰিলে সুলভ আঞ্চলিক সংযোগ বৃদ্ধি হ’ব। বাজেটৰ টায়াৰ-২ আৰু ৩ নগৰৰ পদক্ষেপে ৰিয়েল ইষ্টেটৰ বিকাশত গতি বৃদ্ধি পাব বুলি শৰ্মাই সদৰি কৰে। সেইদৰে একেৰাহে তৃতীয় বছৰৰ বাবে বৰ্ধিত মূলধন ব্যয় হৈছে জিডিপিৰ ৩.৩ শতাংশ পৰিমাণৰ ১০ লাখ কোটি টকা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৬৬ শতাংশ বৃদ্ধি হৈ ৭৯ হাজাৰ কোটিৰো অধিক আৰু এম এছ এম ইৰ বাবে ৯০০০ কোটি টকাৰ ক্ৰেডিট গেৰাণ্টি আঁচনিয়ে অৰ্থনৈতিক বিকাশৰ লগতে ‘সকলোৰে বাবে গৃহ’ আঁচনিক বাস্তৱ ৰূপ প্ৰদান কৰিব। লগতে নিম্ন আয়কৰ হাৰ আৰু বৰ্ধিত আয়কৰ সীমা ঘোষণাৰ সৈতে মধ্যবিত্ত শ্ৰেণীৰ হাতত অধিক নিষ্পত্তিযোগ্য উপাৰ্জন থাকিব আৰু গৃহ ঋণৰ যোগ্যতা আৰু অধিক পৰিমাণৰ গৃহ ঋণৰ ফলত গৃহৰ চাহিদা বৃদ্ধি হ’ব। ইস্পাত, নিকেল কেথ’ড আদি নিৰ্মাণৰ বাবে কেঁচা সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ পৰা ৰেহাই ৰখাৰ ফলত ইস্পাতৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। শৰ্মাই বাজেটৰ বহুকেইটা দিশ উল্লেখ কৰি বাজেটখনক আদৰণী জনায়।

 

Exit mobile version